পঙ্কজ নাথঃ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপাটৰ একেটা দৰিদ্ৰ পৰিয়ালৰ ৩ সন্তানে সদ্য ঘোষিত আৰক্ষীৰ কনিষ্টবলৰ পৰীক্ষাত সফলতা অৰ্জন কৰি অসম আৰক্ষীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। একে পৰিয়ালৰ শৈলেন্দ্ৰ দাস, টিকেন্দ্ৰ দাস, সৌৰভ দাসে অসম আৰক্ষীত লাভ কৰে নিযুক্তি। ইয়াৰ দুজন সহোদৰ ভাই ককাই আৰু আনজন খুৰাকৰ লৰা। পৰিয়ালৰে কন্যা অৰ্পণা দাসেও টেটত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাইপাটৰে কংকনজ্যোতি দাস আৰু ৰাজীৱ দাসেও আজি লাভ কৰিলে চৰকাৰে প্ৰদান কৰা নিযুক্তি পত্ৰ। ৰাইপাটৰ দৰিদ্ৰ-মধ্যবিত্ত ঘৰৰ যুৱক-যুৱতীৰ সফলতাত অঞ্চলটোৰ সকলোৱে আনন্দিত হৈছে আৰু বিজেপি চৰকাৰৰ এইবাৰৰ এই নিযুক্তি প্ৰক্ৰিয়াক শলাগ লৈছে। এই সফলতা কঢ়িয়াই অনা বাবে যোৱাকালি বৃহস্পতিবাৰে নিশা ৭- ৩০ মান বজাত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে কমলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিৰেন বৰুৱাক লগত লৈ একে পৰিয়ালৰে শৈলেন্দ্ৰ দাস, টিকেন্দ্ৰ দাস, সৌৰভ দাসৰ ঘৰত উপস্থিত হৈ তিনিওজনকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰি তেওলোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰে।