গুজৰাটৰ চুৰাটত এই বৰ্ষৰে ১২ ফেব্ৰুৱাৰীত ৰাজপথত গ্ৰীষ্মা ভেকাৰিয়া নামৰ যুৱতীৰ হত্যাকাণ্ডৰ গোচৰত আদালতে হত্যাকাৰী ফেনিল গোৱানীক মৃত্যুদণ্ডৰ ৰায় দিয়ে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ বিমল কেয়ে মনুস্মৃতিৰ এটা শ্লোক পঢ়ি ৰায় আৰম্ভ কৰিছিল৷ ন্যায়াধীশে কয় ‘‘ব্যাসে কৈছিল শাস্তি দিয়া সহজ নহয়, কিন্তু ই আটাইতকৈ বিৰল ঘটনাও।’’
গুজৰাটৰ চুৰাটত যোৱা ১২ ফেব্ৰুৱাৰীত একপক্ষীয় প্ৰেমৰ সম্পৰ্কত একপঘীয় প্ৰেমিকে প্ৰায় ২১ বছৰীয়া গ্ৰীষ্মা ভেকাৰিয়াক হত্যা কৰিছিল। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ক যুৱতীৰ খুৰাকো ঘটনাস্থলীত উপস্থিত আছিল৷ ভতিজীক বচাবলৈ চেষ্টা কৰিছিল যদিও লম্পট প্ৰেমিকে আক্ৰমণ কৰে। ৰাজহুৱাভাৱে সংঘটিত এই হত্যাকাণ্ডই সমগ্ৰ গুজৰাটক জোকাৰি গৈছিল। গ্ৰীষ্মাক হত্যাৰ গোচৰত ফেনিলক দোষী সাব্যস্ত কৰা হয়।
এই হত্যাকাণ্ড ৰাজহুৱাভাৱে কৰা হৈছিল৷ সেয়েহে গোটেই ঘটনাটো তাত উপস্থিত কিছু লোকে মোবাইলত ৰেকৰ্ড কৰিছিল। ভিডিঅ’ ফুটেজৰ আধাৰত হত্যাৰ অভিযুক্তজনক শাস্তি দিয়া হয়।
ন্যায়াধীশে আদালতত ৰায় প্ৰদান কৰাৰ সময়ত লগতে কয় যে অভিযুক্তজনে পেছাদাৰী হত্যাকাৰীৰ দৰে অপৰাধ কৰিছিল। আদালতে দুয়োপক্ষৰ কথা শুনি আৰু সকলো প্ৰমাণ পৰীক্ষা কৰাৰ পিছত ২১ এপ্ৰিলত ফেনিল গয়ানীক দোষী সাব্যস্ত কৰিছিল। তাৰ পিছত গোৱানীক আইপিচিৰ ধাৰা ৩০২সহ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হয়।
গোচৰৰ ৰায়দানৰ পিছত, গ্ৰীষ্মা ভেকাৰিয়াৰ পিতৃয়ে কয় যে জীয়ৰীয়ে আজি ন্যায় পাইছে।