March 28, 2023, 2:11 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

একত্ৰিত ৰূপত বিৰোধী কংগ্ৰেছ-ইউডিএফ, ৪ দিনীয়া বিধানসভাৰ অধিবেশনত উত্থাপন হ’ব ১৯ বিধেয়ক

Reporter Name
  • Update Time : Monday, August 31, 2020
  • 97 Time View

গুৱাহাটীঃ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ অধিবেশন৷ অসম মন্ত্ৰীসভাৰ মন্ত্ৰীকে ধৰি ৰাজ্যৰ প্ৰায় কেইবাগৰাকী বিধায়ক ক’ৰোনাত আক্ৰান্ত হৈ থকাৰ সময়তে আজিৰে পৰা বিধানসভাৰ অধিবেশন অনুষ্ঠিত হৈছে৷ এইবাৰ অধিবেশনত এক নতুন পৰিস্থিতি দেখা যাব৷ বিধানসভাত ৰাজ্যৰ দুই প্ৰধান বিৰোধী কংগ্ৰেছ আৰু ইউডিএফ একেলগে বহিব৷ বিৰোধীয়ে শক্তিশালী ভাৱে ক’ৰোনা, আৰ্থিক অৱস্থা, সংস্থাপন আদি বিষয়ত চৰকাৰক ঘেৰিবলৈ চেষ্টা কৰিব৷

ইফালে শাসক পক্ষই পূৰ্বৰে পৰা ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতাক অসমৰ বাবে অশনি সংকেট বুলি কৈ অহাৰ দৰেই বিধানসভাৰ মজিয়াতো ৰোধ কৰিবলৈ চেষ্টা কৰিব৷ এই অধিবেশনত প্ৰায় ১৯ খন বিধেয়ক উত্থাপন হ’ব৷ চাৰিদিনীয়া অধিবেশনত কেনেদৰে ১৯খন বিধেয়ক উত্থাপন কৰি গৃহীত কৰিব সেয়া লক্ষ্যণীয় হ’ব৷ বিধানসভাত সময় কম আৰু অধিক সংখ্যাক বিধেয়কে বিপাঙত পেলাব শাসকীয় দল কেইটাক৷

২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত বিৰোধীক একত্ৰিত ভাৱে দেখা পোৱা যাব বিধানসভাৰ মজিয়াত৷ ২১ৰ নিৰ্বাচনত মিত্ৰজোঁটত বান্ধ খাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হোৱা কংগ্ৰেছ আৰু ইউডিএফে বিধানসভাৰ অধিবেশনত শাসক পক্ষৰ বিৰুদ্ধে একত্ৰিত হৈ মাত মাতিব৷ ইফালে মন্ত্ৰী ছুম ৰংহাং, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিধায়িকা অজন্তা নেওগ, কমল সিং নাৰ্জাৰী, ভৱেন ভঁৰালীকে ধৰা কেইবাগৰাকী বিধায়ক ক’ৰোনা পজিটিভ ধৰা পৰাত চিকিৎসাধীন হৈ আছে৷

তাৰ পিছতো আজিৰে পৰা অনুষ্ঠিত হোৱা অসম বিধানসভাৰ অধিবেশন চাৰিদিনীয়াকৈ চলিব৷ ০৩ চেপ্তেম্বৰত সমাপ্ত হ’ব৷ বিশেষকৈ পৰিপূৰক দাবী মঞ্জুৰি প্ৰস্তাৱ উত্থাপন হ’ব এই অধিবেশনত৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে