কোকৰাঝাৰঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আজি কোকৰাঝাৰত উপস্থিত হৈ আগন্তুক বিটিচি চৰকাৰ বিজেপি দলৰ নেৰ্তৃত্বতে গঠন কৰা হব বুলি ঘোষণা কৰিছে । মুলত: সাংগঠনিক স্থিতি মজবুত কৰা উদ্দেশ্যৰে আৰু চৰকাৰৰ সফলতাৰ ক্ষতিয়ান দাঙি ধৰিবলৈ কোকৰাঝাৰত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আগন্তক বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিব বুলি দাবী কৰি চৰকাৰ গঠনত প্ৰয়োজনবশত দ্বিতীয় সৰ্বাধিক আসন লাভ কৰা দলৰ সতে মিত্ৰতা কৰা হব বুলি ঘোষণা কৰিছে।
বিপিএফৰ সতে মিত্ৰতাত ঘূণে ধৰিছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে মিত্ৰতাত ঘূণে ধৰা নাই যদিও বিজেপিৰ ১০০ + মিচন সম্পূৰ্ণ কৰিবলৈ হলে অসমৰ ১২৬ সমষ্টিতে সাংগঠনিক স্থিতি মজবুত কৰিব লাগিব আৰু নিৰ্বাচন খেলিব লাগিব । ২০২১ চনত মিত্ৰতা অব্যাহত থাকিব নে নাই সেয়া কেন্দ্ৰই নিৰ্ণয় কৰিব আৰু বৰ্তমান বিজেপিয়ে সাংগঠনিক স্থিতি মজবুত কৰাৰ ওপৰত হে গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰি অহা ১৬ জুনৰ পৰা ৫০ লাখ পৰিয়ালৰ ঘৰলৈ গৈ জনসম্পৰ্ক অভিযানৰ শুভাৰাম্ভ কৰিব বুলি ঘোষণা কৰিছে। জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে অহা ১৬ জুনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বকোত, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত , বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পশ্চিম গুৱাহাটীত , বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই পূৱ গুৱাহাটীত , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডুমডুমাত জনসম্পৰ্ক অভিযানৰ শুভাৰাম্ভ কৰাৰ লগতে অসমৰ প্ৰতিটো সমষ্টিতে একে সময়তে বিজেপিৰ নেতা-সদস্যই অনুষ্ঠানৰ শুভাৰাম্ভ কৰিব ।
বিটিচি নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কয় যে কভিড ১৯ ৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্বাচন অনুষ্ঠিত কৰাটো উচিত হব । নিৰ্বাচনৰ বাবেই গণসংক্ৰমন হলে বেয়া কথা হব বুলি মন্তব্য কৰি আজি নিৰ্বাচন হলেও বিজেপিয়ে যি আসন পাব পিছত নিৰ্বাচন হলেও বিজেপিয়ে সমসংখ্যক আসন লাভ কৰিব বুলি দাবী কৰে ৰঞ্জিত দাসে । আনহাতে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা কম হলে মিত্ৰ দল হিচাপে কাক পচন্দ কৰিব বুলি সোধা এক প্ৰশ্নোত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে এইক্ষেত্ৰত দ্বিতীয় সংখ্যাগৰিষ্ঠতা দলক বিজেপিয়ে প্ৰাধন্য দিব ।