বোকাজানঃ ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰাৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে গণ সংক্ৰমণৰ আশংকা । এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া জিলা ডিমা হাচাওত আজিৰে পৰা দুসপ্তাহজোৰা লকডাউন ঘোষণা কৰাৰ সময়তে আন এখন পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলংত গণ সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ খেৰণি এলেকাত দুগৰাকী স্বাস্থ্যকৰ্মী কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনৰ মেনমিজি এলেকাৰ শিলডুবিৰ ৰিংকু সিং (২৪) নামৰ জি এন এম নাৰ্ছগৰাকী কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে আনগৰাকী হৈছে খেৰণিৰ দিখ্ৰেঙৰ আশা কৰ্মী অঞ্জলি তিমুংপী (৩২)। ইয়াৰে ৰিংকু সিং নামৰ নাৰ্ছগৰাকী মাইলু স্বাস্থ্যকেন্দ্ৰত কৰ্মৰত হৈ থকাৰ বিপৰীতে অঞ্জলি তিমুংপী নামৰ আশা কৰ্মীগৰাকী খেৰণি আদৰ্শ চিকিৎসালয়ত কৰ্মৰত আছিল।
দুয়োগৰাকী স্বাস্থ্যকৰ্মীৰ দেহত কৰ’নাৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে কালি দুয়োকে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড শাখাত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে মুম্বাইৰ পৰা তিনিমাহ পূৰ্বে খেৰণিৰ নৱাইবিলস্থিত নিজ বাসগৃহলৈ অহা মুন্না চৌহান নামৰ যুবকজন কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে খেৰণিৰ মাইলু এলেকাৰে কোনো ভ্ৰমণ বৃত্তান্ত নোহোৱা দুজন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছিল। কালি কৰ’নাত আক্ৰান্ত হোৱা স্বাস্থ্য কৰ্মী দুগৰাকী বিগত সময়ছোৱাত কোনো ভ্ৰমণ বৃত্তান্ত নথকাৰ লগতে কোনো কৰ’না আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা নাছিল বুলি জানিব পৰা গৈছে।
তেনেস্থলত দুটা সুকীয়া স্থানত কৰ্মৰত স্বাস্থ্যকৰ্মী দুগৰাকীৰ দেহলৈ অন্য কোনো অজ্ঞাত উৎসৰ পৰা কৰ’নাৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে। সেয়ে হ’লে এলেকাটোত ভবিষ্যত সময়ত কৰ’নাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নোহোৱা নহয় বুলি সচেতন মহলে মত পোষণ কৰিছে।