নিউজ ডেস্কঃ এতিয়া আৰু বদৰুদ্দিন আজমলে ‘হু ইজ ভূপেন বৰা’, ‘হু ইজ জিতেন্দ্ৰ সিং’ বুলি প্ৰশ্ন কৰিব নোৱাৰিব। বদৰুদ্দিনৰে সম্পৰ্ক ছেদ কৰিছে নিখিল ভাৰত কংগ্ৰেছে। কিছুদিন পূৰ্বে আজমলে মল্লিকাজুৰ্ন খাৰ্গেৰ নাম লৈ কংগ্ৰেছৰে সম্পৰ্ক থকা বুলি ঘোষণা কৰাৰ পিছতে বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদমেলযোগে কংগ্ৰেছ-এআইইউডিএফৰ গোপন মিত্ৰতা আছে বুলি ঘোষণা কৰিছিল। তাৰ দুদিন পূৰ্বে বদৰুদ্দিন আজমলে কংগ্ৰেছ নেতা ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুজা-পৰা আছে বুলি মন্তব্য কৰিছিল। এনে বাদানুবাদৰ মাজতে আজি নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক বিবৃতিৰ জৰিয়তে ইউপিএৰ লগত এআইইউডিএফৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছে। অসমত শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰিপুন বৰাৰ পৰাজয়ৰ পিছতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰিছিল যে এআইইউডিএফে ৰংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়া নাই। ইয়াৰ বিপৰীতে এআইইউডিএফৰ নেতা বদৰুদ্দিন আজমলে কংগ্ৰেছী বিধায়কে বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোট দিয়াক অভিযোগ তুলিছিল। তেনে পৰিস্থিতিত দুইটা দলৰ বিধায়কসকলে পৰস্পৰে পৰস্পৰক ৰাজহুৱাভাৱে গালিৰে থকা-সৰকা কৰিছিল। ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰিপুন বৰাই পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লৈয়ে ভূপেন বৰাই এআইইউডিএফৰ লগত মিত্ৰতা ভংগ কৰাক লৈ সংবাদমেলৰ যোগেদি জানিবলৈ দিছিল। প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাতো বিষয়টোৱে সৰ্বাধিক চৰ্চা লাভ কৰে। কংগ্ৰেছৰ সহায় নহ’লে এআইইউডিএফে নিজৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ আশংকাতে তৃণমূলৰ কৰ্মীসকলক কংগ্ৰেছৰ লগত ওপৰত মিত্ৰতা আছে বুলি প্ৰকাশ কৰে। আৰু শেহতীয়াকৈ আজমলৰ ঘোষণাক নসাৎ কৰি এআইইউডিএফৰে সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰে নিখিল ভাৰত কংগ্ৰেছে।