ডিজিটেল ডেস্কঃ টেছলাৰ স্বত্বাধিকাৰী আৰু বিশ্বৰ ধৰ্ণাঢ্য ব্যক্তি এলন মাস্ক সকলোৰে চিৰপৰিচিত এক নাম। এই এলন মাস্কেই ব্যৱসায়িক কাৰণত নহয়, এইবাৰ অন্য এক কাৰণৰ বাবে বৰ্তমানে চৰ্চালৈ আহিছে। চৰ্চাৰ কাৰণ হৈছে এলনৰ ব্যক্তিগত জীৱনকলৈ।
টেছলাৰ স্বত্বাধিকাৰীগৰাকীয়ে দুই জমজ সন্তানৰ পিতৃ হোৱাৰ খবৰ চৰ্চালৈ আহিছে। বৰ্তমান এলন মাস্ক ৯টা সন্তানৰ পিতৃ। ২০২১ চনত, তেওঁৰ কোম্পানীৰ মহিলা বিষয়া শিৱন জিলিছে এলন মাস্কৰ দুটা যমজ সন্তান জন্ম দিয়ে। শিৱন এলন মাস্কৰ নিউৰোলিংকৰ আটাইতকৈ ডাঙৰ বিষয়া। ৰয়টাৰৰ মতে, এলন আৰু জিলিছে এপ্ৰিল মাহত দাখিল কৰিছিল এখন আবেদন, সন্তানৰ নামৰ শেষত পিতৃৰ নাম আৰু মাজত মাতৃৰ নাম যোগ দিয়াৰ বাবে অনুৰোধ জনাইছিল। এই আৱেদনৰ কৰাৰ পিছতেই, তেওঁলোকৰ যমজ সন্তানৰ বিষয়ে সকলোৱে জানিব পাৰে। লগতে প্ৰতিবেদনখনত কোৱা হৈছিল যে এমাহ পিছত টেক্সাছৰ এজন ন্যায়াধীশে আৱেদনখন অনুমোদন জনাইছিল।
শিৱন জিলিছ হৈছে নিউৰোলিংকৰ সঞ্চালন আৰু বিশেষ প্ৰকল্পৰ সঞ্চালক। নিউৰোলিংক এলন মাস্কৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেওঁ ইয়াৰ অধ্যক্ষ। ২০১৭ চনৰ মে’ মাহৰ পৰা, শিৱন জিলিছে এই কোম্পানীটোত কাম কৰি আছে।