March 30, 2023, 8:00 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

এইবাৰ আম্বানিৰ জিঅ’ত ৩৪ হাজাৰ কোটিৰ বিনিয়োগ গুগলৰ, আহি আছে ‘ফাইভ জি’

Reporter Name
  • Update Time : Thursday, July 16, 2020
  • 182 Time View

মুম্বাইঃ দ্ৰুত গতিত ইণ্টাৰনেটৰ পৃথিৱীলৈ অহা পৰিৱৰ্তনৰ সোৱাদ ভাৰতবাসীক প্ৰদান কৰাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে জিঅ’। বুধবাৰে ৪৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত 4Gৰে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি কৰা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকেশ আম্বানিয়ে অহা বছৰৰ পৰা 5G সেৱাৰ কাম আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

ইয়াৰ লগতে গুগলৰ সৈতে হোৱা ৩৩,৭৩৭ কোটি টকাৰ চুক্তিৰ কথাও সদৰী কৰে আম্বানিয়ে। জানিব পৰা মতে, জিঅ’ প্লেটফৰ্মৰ ৭.৭ শতাংশ অংশীদাৰিত্ব গুগলে ক্ৰয় কৰিছে। গুগলৰ সৈতে সম্পন্ন হোৱা এই চুক্তিৰ ফলত জিঅ’ত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই ১৫২,০০০ কোটি টকা হৈছেগৈ।

আজিৰ বাৰ্ষিক সভাখনত আম্বানিয়ে Jio-Google যুগলবন্দীয়ে ভাৰতক আগন্তুক বৰ্ষত ভাৰতক সম্পূৰ্ণৰূপে 2G মুক্ত দেশত পৰিণত কৰিব বুলিও ঘোষণা কৰে। উল্লেখ্য যে, গুগলৰ পূৰ্বে ফেচবুকে জিঅ’ প্লেটফৰ্মৰ ৯.৯৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে। এই অনুযায়ী ইতিমধ্যে হোৱাটছএপৰ সৈতে মিলি JioMart মুকলি কৰিছে ৰিলায়েন্স জিঅ’ই।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে