গুৱাহাটীঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডই সমগ্ৰ অসম জোকাৰি গৈছে৷ ৰাজধানী গুৱাহাটী মহানগৰীত চাৰিগৰাকী লোকে ডিঙি ৰেপী হত্যা কৰা কাণ্ডক সহজে ল’ব পৰা নাই অসমৰ ৰাইজে৷ যদি ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত মানুহৰ জীৱন সুৰক্ষিত নহয় তেন্তে কোন ঠাইত সুৰক্ষিত হ’ব৷ শুকুৰবাৰে নুনমাটিত দিন দুপৰতে ঋতুপৰ্ণ পেগুক হত্যা কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উত্তপ্ত হৈ পৰিছে নুনমাটি। শনিবাৰে পুৱাৰে পৰা নুনমাটিত টিএমপিকেৰ নেতৃত্বত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি হত্যা কাণ্ডত জড়িত লোকক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে৷ ঋতুপৰ্ণ পেগুৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবীত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত হত্যাকাণ্ড সংঘটিত হোৱা ঠাইৰ লগতে নুনমাটি আৰক্ষী থানাৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে, এটা সামান্য কথাতে প্ৰথমে তৰ্কা-তৰ্কি তাৰ পিছতে ডেগাৰেৰে হানি-খুচি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক। নুনমাটিৰ আৰমান ফাৰ্ণিচিং নামৰ দোকানখনৰ সন্মুখত সংঘটিত হৈছিল এই কাণ্ড। ঘটনাৰ সৈতে জড়িত আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷