March 25, 2023, 8:48 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ঋতুপৰ্ণৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী, বৰপথাৰৰ ঔ-গুৰি আলি ছিগাত যুৱ বাহিনীৰ প্ৰতিবাদ

Reporter Name
  • Update Time : Tuesday, June 16, 2020
  • 143 Time View

গুৱাহাটীঃ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খিলঞ্জীয়া যুৱক ঋতুপৰ্ণ পেগুৰ হত্যাৰ তদন্তৰ দায়িত্ব চিআইডিক প্ৰদান কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক প্ৰদান কৰাত হত্যাকাণ্ডৰ কেইবাটাও ৰহস্য উদঘাটন হোৱাৰ লগতে এই হত্যা কাণ্ডই সমগ্ৰ অসম জোকাৰি গৈছে৷

তাৰ মাজতে গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানীৰ ঔ-গুৰি আলি ছিগা গাঁৱত যুৱ বাহিনী নামৰ সংগঠনটোৱে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ পেগুৰ হত্যাকাৰীক শীঘ্ৰে ফাঁচী কাঠত ওলোমোৱাৰ দাবী উত্থাপন কৰি টেঙানী আলিছিগা গাঁৱৰ যুৱ বাহিনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-কাৰ্ড লৈ পেগুৰ হত্যাকাৰীক ফাঁচী দিয়ক, আমাক ন্যায় লাগে আদি ধ্বনিৰে সমগ্ৰ অঞ্চল কঁপায় তোলে। স্থানীয় যুৱকসকলে কয় যে চিচিটিভিত সমগ্ৰ কাণ্ডৰ ধৰা পৰিছে। গতিকে তদন্তৰ কোনো কথাই নাহে৷ হত্যাকাৰীসকলক পোনে-পোনে ফাঁচী কাঠত ওলোমাব লাগে।

ৰাজধানী গুৱাহাটী মহানগৰীত চাৰিগৰাকী লোকে ডিঙি ৰেপী হত্যা কৰা কাণ্ডক সহজে ল’ব পৰা নাই অসমৰ ৰাইজে৷ যদি ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত মানুহৰ জীৱন সুৰক্ষিত নহয় তেন্তে কোন ঠাইত সুৰক্ষিত হ’ব৷ যোৱা শুকুৰবাৰে নুনমাটিত দিন দুপৰতে ঋতুপৰ্ণ পেগুক হত্যা কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে শনিবাৰে পুৱাই নুনমাটিত টিএমপিকেৰ নেতৃত্বত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি হত্যা কাণ্ডত জড়িত লোকক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছিল৷

উল্লেখ্য যে, এটা সামান্য কথাতে প্ৰথমে তৰ্কা-তৰ্কি তাৰ পিছতে ডেগাৰেৰে হানি-খুচি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক। নুনমাটিৰ আৰমান ফাৰ্ণিচিং নামৰ দোকানখনৰ সন্মুখত সংঘটিত হৈছিল এই কাণ্ড। ঘটনাৰ সৈতে জড়িত আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে