May 25, 2022, 12:54 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ঋতুপৰ্ণৰ পৰিয়ালক ১ লাখ টকাৰ সাহায্য ঘোষণা, হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী আজমলৰ

Reporter Name
  • Update Time : Sunday, June 14, 2020
  • 86 Time View

গুৱাহাটীঃ খিলঞ্জীয়া যুৱক ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চিআইডিক প্ৰদান কৰিলেও ৰাজ্যৰ চৌদিশে গৃহ বিভাগে আইন-শৃংখলা পৰিস্থিতি চম্ভালিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷

এই হত্যাকাণ্ডই কাণ্ডই সমগ্ৰ অসম জোকাৰি যোৱাৰ সময়তে হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছে ইউডিএফ দলৰ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি আজমলে কয় ‘‘শুকুৰবাৰে দিনদুপৰতে গুৱাহাটীৰ নুনমাটিত ৫জন লোকে ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰা ঘটনাত মই গভীৰ দুখ পাইছো। এনে ঘটনা আগতে গুৱাহাটীত কোনোদিন শুনা নাই৷’’ পেগুৰ পৰিয়ালৰ কাষত দৃঢ়তাৰে থিয় দিয়াৰ লগতে হত্যাকাণ্ডৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাই দোষীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে৷

আজমল ফাউণ্ডেচনে প্ৰয়াত পেগুৰ পৰিয়াললৈ ১ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰাৰ লগতে পৰিয়ালটোক ভৱিষ্যতে প্ৰয়োজন হ’লে সহায় কৰিবলৈ সাজু আছে বুুলি কোৱাৰ লগতে পেগুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা কৰে।

উল্লেখ্য যে, ৰাজধানী গুৱাহাটী মহানগৰীত চাৰিগৰাকী লোকে ডিঙি ৰেপী হত্যা কৰা কাণ্ডক সহজে ল’ব পৰা নাই অসমৰ ৰাইজে৷ যদি ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত মানুহৰ জীৱন সুৰক্ষিত নহয় তেন্তে কোন ঠাইত সুৰক্ষিত হ’ব৷ শুকুৰবাৰে নুনমাটিত দিন দুপৰতে ঋতুপৰ্ণ পেগুক হত্যা কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে