বজালীঃ মহিলাক ঋণ দিয়াৰ নামত ধন সৰকোৱা এজন প্ৰতাৰকক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বজালী আৰক্ষী। পাঠশালা আৰক্ষীৰ জালত পৰে হেমন্ত দেৱ চৌধুৰী নামৰ এজন লোক।
হেমন্ত দেৱ চৌধুৰীয়ে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত মহিলাক ঋণ দিয়াৰ প্ৰলোভনৰে ধন আদায় কৰা বুলি অভিযোগ উত্থাপন হয়। বজালী ব্লক কংগ্রেছে চৌধুৰীক ধৰি আৰক্ষীক গতাই দিয়ে। ‘BPL FINANCIAL SERVICE’ নামৰ নয়ডাৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ যোগেৰে গাঁও অঞ্চলৰ দৰিদ্ৰ মহিলাক ঋণ দিয়াৰ প্ৰলোভন দিয়া বুলি অৱগত হয় বজালী ব্লক কংগ্রেছে। কংগ্ৰেছৰ কেইজনমান নেতা-কৰ্মীয়ে সন্দেহ কৰি লোকজনক সোধ-পোছ কৰি আৰক্ষীক গতাই দিয়ে।
মহিলাক ঋণ দিয়াৰ প্ৰলোভন দি গ্ৰেপ্তাৰ হোৱা হেমন্ত দেৱ চৌধুৰীৰ ঘৰ হৈছে বজালীৰ নিত্যানন্দ পানবাৰীত। তিনি দিন ধৰি পাঠশালা কলেজ ৰোডৰ এখন হোটেলত থিতাপি লৈ বিভিন্ন মহিলাক ঋণ দিম বুলি কৈ প্ৰ-পত্ৰ পূৰণ কৰিছিল। এখন প্ৰ-পত্ৰ বাবদ ৪২০০ টকাকৈ আদায় লৈছিল বুলি জানিব পৰা যায়।