বেবেজীয়াঃ এটা উৰুখা পঁজা, এটি মাত্ৰ কোঠালি, এখনেই বিছনা৷ নাই কোনো বিশেষ আচবাব, বিছনাৰ ওপৰতে বহা, বিছনাৰ ওপৰতে খোৱা, বিছনাৰ ওপৰতে পঢ়া আদি সকলো৷ পৰিয়ালটোৰ চাৰিটা প্ৰাণীয়ে এনেদৰেই চলাইছে জীৱন সংগ্ৰাম৷ পিতৃয়ে দিনটো গাড়ীৰ কণ্ডাক্টৰ হিচাপে উপাৰ্জন কৰে দুশ-তিনিশ টকা আৰু তাৰেই অতি কষ্টৰে পোহপাল দি অহা অতি দৰিদ্ৰ পৰিয়ালটোৰ পুত্ৰ ৰৌনিক দাস জুয়ে পোৰা সোণৰ দৰে জিলিকি উঠিল সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত৷ ৰৌনিকে পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্ট্ৰিংচন লাভ কৰি কঢ়িয়াই আনিছে গৌৰৱ৷ মেধাৱী ছাত্ৰজনে অসমীয়াত ৯৬, গণিতত ৯৬, সমাজ বিজ্ঞানত ৯৫, বিজ্ঞানত ৮৪ আৰু ঐচ্চিক গণিতত ৯৩ নম্বৰ লাভ কৰে৷ নগাঁও চৰকাৰী বালক বুনিয়াদী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ৰৌনিক দাসৰ লক্ষ্য ভৱিষ্যতে এগৰাকী এষ্ট্ৰোমাৰ হোৱাৰ৷
সেই উদ্দেশ্যৰেই তেওঁ বিজ্ঞান শাখাত এখন ভাল মহাবিদ্যালয়ত পঢ়াৰ আছে দুৰ্বাৰ হেঁপাহ৷ কিন্তু ধনৰ অভাৱত ছাত্ৰজনৰ ভৱিষ্যতৰ সপোন ধুৱলি-কুঁৱলী হৈ পৰাৰ সময়তে ভাৰতীয় ষ্টেট বেংকৰ নগাঁৱৰ হয়বৰগাঁও শাখাৰ মুখ্য পৰিচালক ৰূপক দাসে ছাত্ৰজনৰ উৰুখা পঁজাত উপস্থিত হৈ তেওঁৰ লগতে পৰিয়ালটোক দিছে সাহস আৰু সহায়ৰ আশ্বাস৷ মানৱদৰদী বেংক বিষয়াজনে ফুলাম গামোছাৰে ৰৌনিকৰ লগতে মাতৃক সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধন আগবঢ়ায়৷ তদুপৰি তেওঁ ৰৌনিকৰ নামত ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাত এটি একাউণ্ট খুলি দিয়াৰ লগতে ছাত্ৰজনক উচ্চতৰ মাধ্যমিকত অধ্যয়নৰ বাবে দুটা বছৰৰ পঢ়াৰ খৰচৰ বাবদ সেই একাউণ্টত প্ৰতি মাহে নিজৰ ফালৰ কিছু পৰিমানৰ ধন জমা কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ এই প্ৰতিশ্ৰুতিয়ে মেধাৱী ছাত্ৰজনৰ লগতে পৰিয়ালটোলৈ কিছু আশাৰ বতৰা কঢ়িয়াই অনা বুলি প্ৰকাশ কৰি ৰৌনিক আৰু তেওঁৰ মাতৃয়ে বেংক বিষয়াগৰাকীক কৃতজ্ঞতা জনায়৷ বেংক বিষয়া ৰূপক দাসৰ এনে মহানুভৱতাৰ শলাগ লৈছে সচেতন লোকসকলে৷