উৰিয়ামঘাটৰ পৰা উদ্বীপ বৰাঃ ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত শুকুৰবাৰে একেই নম্বৰৰ দুখন ডাম্পাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ডাম্পাৰ দুখনৰ নম্বৰ হৈছে RJ-14-GK-2994৷ একেটা পঞ্জীয়ণৰ দুখনকৈ ১০ চকীয়া ডাম্পাৰৰ মালিকৰ ঘৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে৷ ডাম্পাৰৰ মালিকে অৱৈধভাৱে প্ৰশাসন, পৰিবহন বিভাগ তথা বন বিভাগৰ চকুত ধুলি দি দুখনকৈ ১০ চকীয়া ডাম্পাৰ একেটা ৰাজস্থানৰ পঞ্জীয়নেৰে চলাই আহিছে৷ নেফানি অঞ্চলৰ পৰা সৰুপানী অঞ্চললৈ শীল কঢ়িয়াই আছিল দুয়োখন ডাম্পাৰে। অৱেশেষত ধনশিৰি আৰক্ষীৰ জালত পৰিল দুয়োখন ডাম্পাৰ। মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাই কয় যে কৰ ফাঁকি দিয়া আৰু ফাইনেন্স, ইন্সুৰেঞ্চ কোম্পানীৰ পৰা বাচিবলৈ এনেদৰে অৱৈধভাৱে ডাম্পাৰ দুখন চলাই আহিছিল। ইতিমধ্যে উৰিয়ামঘাট আৰক্ষী চকীত মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। এখন ডাম্পাৰৰ কাগজ-পত্ৰ কিছু পৰিমাণে আছে যদিও আনখন গাড়ীৰ কোনো কাগজ-পত্ৰ নাই। অৱৈধভাৱে সুদুৰ ৰাজস্থানৰ পৰা উৰিয়ামঘাট সীমান্তত দুখনকৈ ডাম্পাৰ অৱৈধভাৱে চলাবলৈ সাহস পাইছে সেইয়া সম্পূৰ্ণ তদন্তৰ পিছতহে পোহৰলৈ আহিব।