সৰুপথাৰঃ ধনশিৰি মহকুমা নিৰাপত্তা ব্যৱস্থা কটকটীয়া বুলি দাবী কৰি অহাৰ সময়তে উৰিয়ামঘাটৰ মূল বজাৰস্থিত এটা এটিএমত নিশা চোৰ সোমাই তাণ্ডৱ চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চোৰে এটিএম উঠাই নিবলৈ আহিছিল যদিও কিন্তু উঠাই নিবলৈ সক্ষম নোহোৱাত এটিএণটো বিকল কৰি থৈ যায় চোৰৰ দলে৷
উৰিয়ামঘাট আৰক্ষী থানা, গাঁওৰক্ষী বাহিনী , চিআৰপিএফ কেম্পৰ সমীপতে থকা এটিএমটোত বিনা দ্বিধাই তাণ্ডৱ চলি নিৰ্বিঘ্নে আতৰি যায়৷ ২০০৩ চনতে চুলেন খাখলাৰী নামৰ এজন যুৱকে ভাৰতীয় ষ্টেট বেং সৰুপথাৰ শাখাৰ অধীনত চিএছপি কেন্দ্ৰৰ জৰিয়তে বেং বীমাৰ ক্ষেত্ৰত অতিকে পিছ পৰা অঞ্চলটোৰ ৰাইজৰ মাজত কাম কৰি আহিছিল। কিন্তু চুৰৰ চকু এইবাৰ ATM মত পৰিল৷ ঘৰৰ পিছ দোৱাৰ ভাঙি এটিএমটোৰ যথেষ্ট ক্ষয় ক্ষতি কৰে যদিও পইছা নিবলৈ সক্ষম নহল। নতুনকৈ অনা লেজাৰ প্ৰিণ্টাৰ এটা লৈ যায় চোৰে দলে৷