দুধনৈঃ প্ৰতিখন চৰকাৰে থলুৱা মাছৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ দোহাই দি প্ৰতিবছৰে এটা নিৰ্দিষ্ট সময়ত মৎস্য চিকাৰ কাৰ্য বন্ধ কৰি ৰাখে৷ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে মাছমৰীয়াসকলক মাছ ধৰা কাৰ্য বন্ধ ঘোষণা কৰা হয়। প্ৰজনন ঋতুৰ বাবে এপ্ৰিলৰ মাহৰ পৰা প্ৰতিবছৰৰ দৰেই এইবেলিও বাৰ্ষিক মৎস্য চিকাৰ নিষিদ্ধকৰণ কৰা হৈছিল যদিও জুলাই মাহ পৰ্যন্ত ঠায়ে ঠায়ে মৎস্য চিকাৰ কৰা দেখা যায়৷ উক্ত সময়ত মীন বিভাগে অভিযান চলোৱা পৰিলক্ষিত নোহোৱাৰ লগতে শেহতীয়াকৈ গোৱালপাৰা জিলাৰ এটা বিলত অবৈধ ভাৱে মাছ ধৰাৰ অভিযোগ উত্থাপন হৈছে৷
বিল সমিতিৰ অগোচৰে মাছ ধৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সমিতিৰ অধিনৰ বিলত বিনা অনুমতিত মাছ ধৰা বুলি অভিযোগ উত্থাপন হৈছে ঐতিহাসিক উৰপদ বিলত৷ গোৱালপাৰা জিলাৰ উৰপদ বিলত বিল সমিতিয়ে মাছমৰীয়াৰ বিৰুদ্ধে অভিযান চলােৱা পৰিলক্ষিত হৈছে৷ গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰপদ বিলত মাছমৰীয়াই দিনে নিশাই পোনা মাছ চিকাৰ কৰি আহিছে। উৰপদ বিল সমিতিয়ে মাছমৰীয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। অভিযানত উৰপদ বিল সমিতিয়ে বহু মাছমৰীয়াৰ জাল জব্দ কৰাৰ লগতে একাংশ মাছমৰীয়াই জাল এৰি পলায়ন কৰে।