ডিজিটেল ডেস্ক : উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ক’ল্ডড্ৰিংছ সেৱন কৰে নেকি? কিন্তু আপুনি জাননে ক’ল্ডড্ৰিংছ আপোনাৰ কাৰণে কিমান মৰাত্মক৷ উৎকট গৰমৰ পৰা পৰিত্ৰাণ দিয়াৰ সলনি ক’ল্ডড্ৰিংছে আপোনাৰ দেহত ৰোগৰ সৃষ্টি কৰিব পাৰে৷ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ক’ল্ডড্ৰিংছৰ সলনি সেৱন কৰিব পাৰে ডাবৰ পানী৷ ডাবৰ পানীয়ে শৰীৰ ঠাণ্ডা কৰি ৰখাৰ লগতে গৰমৰ দিনত ডিহাইড্ৰেট হোৱাৰ পৰা বচাই ৰাখিব পাৰে৷ ডাবৰ পানী আপোনাৰ শৰীৰৰ বাবে কিয় উপকাৰী জানোঁ আহক :
১) ডাবৰ পানীয়ে শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰাখে৷ ইয়াত থকা ছ’ডিয়াম, পটেছিয়াম আদি উৎসসমূহে ডিহাইড্ৰেচন ৰোধ কৰাত বিশেষ সহায় কৰে৷ গতিকে খুব গৰম দিনত ডাবৰ পানী খালে গৰমৰ দিনত ডিহাইড্ৰেচন হোৱাৰ পৰা হাত সাৰিব পাৰি৷
২) পুৱা গধুলি ৩০০ মিলি ডাবৰ পানী খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিব পাৰি।
৩) ডাবৰ পানী মুত্ৰ সম্বন্ধীয় যিকোনো ৰোগ নিৰাময় কৰাত সহায় কৰে। নিয়মীয়াকৈ ডাবৰ পানী খালে কিডনী ষ্টোনৰ সমস্যা দূৰ কৰাত সহায় কৰে৷
৪) ডাবৰ পানীত কেলৰিৰ পৰিমাণ কম হোৱাৰ বাবে দেহত ওজন হ্ৰাস কৰাত সহায় কৰে৷
৫) ডাবৰ পানীৰ glycemic control গুণৰ দ্বাৰা ডাইবেটিচ নিয়ন্ত্ৰণ কৰাৰ লগতে oxidative stress নিয়ন্ত্ৰণ কৰে।