ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰে ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনকলৈ বিজেপিয়ে শনিবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে৷ এই বৈঠকখনতে বিজেপি দলে উপ-ৰাষ্ট্ৰপতি হিচাপে কাক প্ৰক্ষেপ কৰিব এইলৈ হ’ব আলোচনা৷ আজিৰ বৈঠকত উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ সম্ভাৱনা আছে৷ বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহ, জে পি নড্ডাকে ধৰি বহুকেইজন বিজেপিৰ শীৰ্ষ নেতা৷
বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত সমাপ্ত হ’ব। সংবিধানৰ অনুচ্ছেদ ৬৮ অনুসৰি, বিদায়ী উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ ফলত হোৱা খালী পদ পূৰণৰ বাবে, পৰৱৰ্তী নিৰ্বাচন পূৰ্বৰ উপ-ৰাষ্টপতিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই অনুস্থিত কৰিব লাগিব। ৬ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পদত জয়ী হোৱা প্ৰাৰ্থী গৰাকী হ’ব উপ-ৰাষ্ট্ৰপতি পদত আসন অলংকৃত কৰা দেশৰ ১৪ নম্বৰ গৰাকী উপ-ৰাষ্ট্ৰপতি৷