মানিকপুৰঃ পঞ্চায়ত সভাপতি হৈ থাকিব নোৱাৰাৰ বেজাৰত ব্লেকমেইলিঙত নামিছে এগৰাকী পঞ্চায়ত সভাপতি৷ পঞ্চায়ত সদস্যই অনাস্থা প্ৰস্তাৱ দাখিল কৰাত ব্লেকমেইল কৰি সভাপতিৰ চকী বচোৱাৰ চেষ্টা কৰিছে কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰে৷ কিছুদিন পূৰ্বে আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল ৮গৰাকী সদস্যই৷ অনাস্থা প্ৰস্তাৱৰ নেতৃত্ব লৈছিল কোকিলা গাঁও পঞ্চায়তৰ মহিলা সদস্য তথা উপ-সভানেত্ৰীয়ে৷ কিন্তু অনাস্থা প্ৰস্তাৱ অনাত মহিলা সদস্য তথা উপ-সভানেত্ৰীক পোতক তুলিবলৈ জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে৷
পঞ্চায়তখনৰ মহিলা সদস্য তথা উপ-সভানেত্ৰীৰ অশ্লীল ফটো কেমেৰাত বন্দী কৰে পঞ্চায়ত সভাপতিয়ে৷ অশ্লীল দৃশ্য কেমেৰাত বন্দী কৰি অনাস্থা প্ৰস্তাৱ বাতিল নকৰিলে ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰাই নহয় আৰক্ষীৰ কাষ চাপে সভানেত্ৰীগৰাকীয়ে৷ সভানেত্ৰীগৰাকীক সেই অশ্লীল ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি উকা কাগজত স্বাক্ষৰ লোৱাৰো অভিযোগ উঠিছে৷ কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰি পঞ্চায়ত সভাপতি ছাত্তাৰক গ্ৰেপ্তাৰৰ দাবী জনাই উপ-সভানেত্ৰীয়ে।
জানিব পৰা মতে, কেইদিমান পূৰ্ব কোকিলাৰ গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰীগৰাকীয়ে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমতলাস্থিত পিতৃ ঘৰলৈ গৈছিল। উপ-সভানেত্ৰীগৰাকীয়ে পিতৃৰ ঘৰলৈ যোৱাৰ খবৰ লাভ কৰি কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰ আৰু দুজন সদস্য মণিৰুল ইছলাম আৰু দেলবৰ হুছেইন উপ-সভানেত্ৰীগৰাকীৰ আমতলাস্থিত পিতৃ ঘৰত উপস্থিত হয়৷
দুই সতীৰ্থৰ সহযোগত ঘৰত কোনো নথকাৰ সুযোগ লৈ উপ-সভানেত্ৰীগৰাকীৰ উলংগ ফটো কেমেৰাত বন্দী কৰা বুলি অভিযোগ উত্থাপন কৰে খোদ সভানেত্ৰীগৰাকীয়ে৷ উক্ত ফটো তোলাৰ লগতে ভাবুকি দি উকা কাগজত স্বাক্ষৰ লয় ছাত্তাৰ বাহিনীয়ে। পিছত সেই ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ ভাবুকি প্ৰদান কৰি অনাস্থা প্ৰস্তাৱ উঠাই লবলৈ হেঁচা দি আহিছে৷
কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উঠাই নললে প্ৰাণে মাৰাৰ ভাবুকি দিয়াই নহয় মহিলাৰগৰাকীৰ অশ্লীল ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে৷ উপ-সভানেত্ৰীগৰাকীয়ে কলগাছিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কোকিলাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু দুজন সদস্যৰ বিৰুদ্ধে৷
কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ লগে লগে ৮গৰাকী সদস্য-সদস্যাক ভিন্ন ধৰণে ভয়-ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে। অকল ভয় ভাবুকিই নহয় উৎকোচ দিব খোজাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়ত সদস্য-সদস্যাইসকলে। এনে জঘন্য কাণ্ড সংঘটিত কৰিবলৈ সাহস কৰা পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰাণ হুছেইন খানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোনকালে কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণৰ দাবী জনায়।