সুদীপ্ত দাস, লখিমপুৰঃ লখিমপুৰৰ চহৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়৷ লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সমীপত অচিনাক্ত ব্যক্তিৰ মৃতদেহটো পথচাৰীয়ে প্ৰত্যক্ষ কৰে৷ স্থানীয় লোকৰ মতে ব্যক্তিজন মাজুলীৰ ৰাজু বুলি কয় যদিও আৰক্ষীয়ে পৰিচয় উদ্ধাৰ কৰিব পৰা নাই৷ লখিমপুৰ সদৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে৷