March 29, 2023, 2:26 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

উত্তৰ প্ৰদেশৰ চিকিৎসক কাফিল খানক শীঘ্ৰে মুকলি কৰাৰ নিৰ্দেশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Reporter Name
  • Update Time : Tuesday, September 1, 2020
  • 115 Time View

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চিকিৎসক কাফিল খানক শীঘ্ৰে মুকলি কৰাৰ নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ জিম্মাৰ কাল বৃদ্ধি কৰা কাৰ্যক বেআইনী বুলি কৈ আদালতে শীঘ্ৰে মুকলি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা শিশুৰোগ বিশেষজ্ঞ কাফিল খানক নাগৰিকত্ব সংশোধনী আইন, এনআৰচি, এনপিএ বিৰোধী আন্দোলনত অংশ লৈ বিদ্বেষমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ অন্তত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল৷

এই বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত আলীগড় আদালতে জামিন মঞ্জুৰ কৰিছিল কাফিল খানৰ৷ তাৰ পিছতে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পূৰ্বেই ১৩ ফেব্ৰুৱাৰীত পুনৰ গ্ৰেপ্তাৰ কৰি খানৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন লগোৱা হৈছিল৷ এই আইনৰ অধীনত কোনো ধৰণৰ বিচাৰ নোহোৱাকৈ তিনিমাহ কাৰাগাৰত থাকিবলগীয়া হয়৷ ১২ আগষ্ট পৰ্যন্ত বৃদ্ধি পাই কাৰাৰুদ্ধ হৈ থকাৰ সময়৷ ২৯ জানুৱাৰীত পুনৰ মুম্বাইৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মথুৰা কাৰাগাৰত বন্দী কৰিছিল কাফিল খানক৷

আলীগড় বিশ্ববিদ্যালয়ত ২০১৯ চনৰ ১৩ ডিচেম্বৰত মুম্বাইত উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ গোটে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক কাফিলক৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা কাফিল খানক পূৰ্বেও জামিন প্ৰদান কৰিছিল যদিও জেলৰ পৰা মুকলি নহওতেই ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল৷ আদালতে জিম্মা বৃদ্ধি নকৰিবলৈ কোৱাৰ লগতে এই কাৰ্যক বেআইনী বুলি কয়৷ উচ্চ ন্যায়ালয়ে কয় যে কাফিল খানক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত জিম্মাত লোৱা আৰু জিম্মাৰ ম্যাদ বৃদ্ধি বেআইনী৷ উচ্চ ন্যায়ালয়ে খানক সোনকালে মুকলি কৰি দিয়ক বুলি কয়৷ উল্লেখ্য যে, যোৱা ৬ মাহ ধৰি কাৰাগাৰত আৱদ্ধ হৈ আছে কাফিল খান৷ শেহতীয়াকৈ তিনিমাহৰ বাবে জিম্মাতৰ ম্যাদ কৰিছিল চৰকাৰে৷ কাৰাগাৰত থকাৰ সময়তে কাফিল খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন পত্ৰ লিখি ক’ৰোনা ৰোগীক চিকিৎসা কৰিব খুজিছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে