ডিজিটেল ডেস্কঃ ইজনৰ পিছত সিজন ৰাজনেতা ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে৷ এইবাৰ উত্তৰ প্ৰদেশৰ এগৰাকী মন্ত্ৰী ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী সতীশ মহনা ক’ৰোনাত আক্ৰান্ত হৈছে৷ মন্ত্ৰীগৰাকীয়ে নিজেই টুইট কৰি কয় যে মোৰ দেহত কোভিডৰ প্ৰাথমিক লক্ষণ প্ৰত্যক্ষ কৰি পৰীক্ষা কৰাত পজিটিভ ধৰা পৰিছে৷