ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কাণপুৰত শীতে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। অব্যাহত আছে শীতৰ প্ৰকোপ। শীতৰ ফলত দৈনিক হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ ঘটনা ব্যাপক হাৰত সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। শীতৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে শীতৰ বাবে কাণপুৰত জিলা চিকিৎসালয় আৰু হালাট চিকিৎসালয়ৰ অ’পিডিত বৃহৎ সংখ্যক ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। একেদৰে কাণপুৰৰ হৃদৰোগ চিকিৎসালয়তো ভিৰ কৰা পৰিলক্ষিত হৈছে দৈনিক বৃহৎ সংখ্যক হৃদৰোগী।
উল্লেখ্য যে কাণপুৰৰ হাৰ্ট ডিজিজ ইনষ্টিটিউটৰ হৃদৰোগ বিভাগে প্ৰকাশ কৰা মতে, হৃদৰোগৰ বাবে ২৫ জন লোকৰ ইতিমধ্য মৃত্যু হৈছে। একে সময়তে ব্ৰেইন ষ্ট্ৰোকৰ ফলত ২ জন ৰোগীৰ মৃত্যুৰ লগতে এইদৰে শীতৰ প্ৰকোপৰ ফলত বৃহস্পতিবাৰে কাণপুৰত ২৫ জন লোক মৃত্যুমুখত পৰে।
হৃদৰোগ বিভাগৰ সঞ্চালক অধ্যাপক বিনয় কৃষ্ণই কয় যে এই শীতকালত হৃদযন্ত্ৰ আৰু মন দুয়োটাতে প্ৰভাৱ পৰে। অতিপাত ঠাণ্ডা হোৱাৰ বাবে সিৰাত তেজে গোট মাৰিছে, যাৰ বাবে ৰক্তচাপ বাঢ়িছে আৰু মানুহৰ হাৰ্ট এটেক হ’বলৈ ধৰিছে। ঠাণ্ডাৰ বাবে কাণপুৰত পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে ঢাল খািছে। কাণপুৰত শীতপ্ৰবাহ চলি আছে আৰু ঘৰৰ পৰা মানুহ বাহিৰলৈ ওলাব পৰা নাই।