উত্তৰ প্ৰদেশত, প্ৰাৰম্ভিক অৱস্থাত বিজেপি আৰু এছপিৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা দেখা গৈছিল যদিও শেহতীয়াকৈ বিজেপিয়ে দ্ৰুত গতিত আগবাঢ়ি থকা দেখা গৈছে৷ প্ৰায় ১৫০ খন আসনত বিজেপি আগবাঢ়ি আছে৷ উত্তৰ প্ৰদেশত ডাক বেলট পেপাৰৰ ভোট গণনা প্ৰায় সমাপ্ত হৈছে৷ ৪০৩ আসনৰ ভিতৰত বিজেপি ১৫০ খন আৰু সমাজবাদী পাৰ্টীয়ে ৭৩ খন আসনত আগবাঢ়ি আছে৷ ৮ বাজি ৩০ মিনিটৰ পৰা ইভিএমৰ গণনা আৰম্ভ হৈছে৷