উত্তৰ প্ৰদেশত, প্ৰাৰম্ভিক অৱস্থাত বিজেপি আৰু এছপিৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে। প্ৰায় ১১৬ খন আসনৰ প্ৰাৰম্ভিক অৱস্থাত বিজেপি আগবাঢ়ি আছে৷ উত্তৰ প্ৰদেশত ডাক বেলট পেপাৰৰ ভোট গণনা প্ৰায় সমাপ্ত হৈছে৷ ৪০৩ আসনৰ ভিতৰত বিজেপি ১১৬ খন আৰু সমাজবাদী পাৰ্টীয়ে ৭০ খন আসনত আগবাঢ়ি আছে৷ ৮ বাজি ৩০ মিনিটৰ পৰা ইভিএমৰ গণনা আৰম্ভ হৈছে৷