ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা চৰ উন্নয়ন সমিতিৰ কাৰ্যালয়ত আজি উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ (NEMSU) এখন সভা অনুষ্ঠিত হয়৷ নেমছুৰ কেন্দ্ৰীয় উপ-সভাপতি গোলাম ৰাব্বানীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্বাহ আলমক সভাপতি আৰু নজৰুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া বিলাসীপাৰা জিলা সমিতি গঠন কৰা হয়। সভাত সাংগঠনিক দিশত আলোচনা, সামাজিক, আৰ্থ-সামাজিক দিশত আলোচনা কৰা হয়৷