আজি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন। আজি অসম আৰু মেঘালয় ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক সীমা নিষ্পত্তিৰ চুক্তি স্বাক্ষৰ কৰা হয়৷
দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই দুয়ো ৰাজ্যৰ মাজত ৫০ বছৰ পুৰণি অমীমাংসিত সীমা বিবাদ সমাধানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে৷ এই চুক্তিৰ দ্বাৰা দুয়ো ৰাজ্যৰ মাজৰ সীমা বিবাদ নোহোৱা বুলি বুলি অনুমান কৰা হৈছে৷
দেশ স্বাধীনৰ হোৱাৰ পিছত তথা ১৯৭২ চনত মেঘালয়ক সুকীয়া ৰাজ্যৰ স্বীকৃতি দিয়াৰ পিছতে গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ জিলা, কাৰ্বি আংলং জিলাত সংঘাত হৈ আহিছে৷ সময়ে সময়ে এই সংঘাতে ৰক্তাক্ত ৰূপ লৈও আহিছে৷ তাৰ মাজতে এই সংঘাতৰ স্থায়ী সমাধান বিচাৰি এখন বিশেষ সমিতি গঠন কৰিছিল মুখ্যমন্ত্ৰী ড০ হিম্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী, মন্ত্ৰী পৰ্যায়ত কেইবালানি বৈঠক অনুষ্ঠিত কৰিছিল৷ আনকি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিবদমান এলেকাসমূহ পৰিদৰ্শন কৰি ৰাইজৰ মতামত গ্ৰহণ কৰে৷
চুক্তি স্বাক্ষৰ কৰাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনৰ পৰা মোদীজীয়ে উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে অজস্ৰ প্ৰচেষ্টা চলাই আহিছে। আজি মই অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ দলসমূহক সীমা বিবাদ সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ বাবে অভিনন্দন জনাইছো৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু কয় যে
আজি অসম আৰু মেঘালয়ৰ মাজত ৫০ বছৰ পুৰণি অমীমাংসিত সীমা বিবাদৰ সমাধান কৰা হৈছে। বিবাদৰ ১২টা বিন্দুৰ ভিতৰত ৬টা সমাধান কৰা হৈছে৷ য’ত সীমাৰ প্ৰায় ৭০ শতাংশ অন্তৰ্ভুক্ত আছে। বাকী ৬টা পইণ্ট অতি সোনকালে সমাধান কৰা হ’ব৷
চুক্তি স্বাক্ষৰৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই চুক্তি আমাৰ বাবে এক ঐতিহাসিক দিন। এই বুজাবুজি চুক্তিৰ পিছত, অহা ৬-৭ মাহত, আমি বাকী থকা বিতৰ্কিত স্থানবোৰৰ সমস্যা সমাধানৰ লক্ষ্য কৰি লৈছো। আমি উত্তৰ-পূব অঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিম বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে প্ৰথমতে গৃহমন্ত্ৰী অমিত শ্বাহক অমিত শ্বাহক উত্তৰ-পূবৰ ৰাজ্যসমূহত সীমান্ত বিবাদ সমাধানৰ নিৰ্দেশনা দিয়াৰ বাবে ধন্যবাদ জনাব বিচাৰো। আজি সংকল্পৰ প্ৰথম পৰ্যায়টো কৰা হৈছে। এয়া কেৱল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে সম্ভৱ হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আৰু কয় যে
মই সমিতিৰ সকলো সদস্য আৰু দুয়োখন ৰাজ্যৰ বিষয়াসকলক ধন্যবাদ জনাব বিচাৰো। আমি অতি সোনকালে আমাৰ ৰাজ্যসমূহৰ মাজত অধিক মতভেদ সমাধান কৰিবলৈ চেষ্টা কৰিম৷
৩১ জানুৱাৰীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত বিবেচনাৰ বাবে বুজাবুজিৰ চুক্তি পত্ৰ দাখিল কৰিছিল। গৃহ মন্ত্ৰালয়ে ২৯ মাৰ্চত অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত সীমা চুক্তি চূড়ান্ত কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল যাতে মতবিৰোধৰ ১২ টা ক্ষেত্ৰৰ ভিতৰত ছয়টা এলেকাৰ কঠোৰ বিবাদ সমাধান কৰা যায়। মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীসকলে প্ৰথম পৰ্যায়ত ছয়টা স্থানত তাৰাবাৰী, গিজাং, হাকিম, বোকলাপাৰা, খানপাৰা-পিলাংকাটা আৰু ৰাটচেৰাত সীমা বিবাদ সমাধানৰ বাবে ২৯ জানুৱাৰীত গুৱাহাটীত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল। তাৰ পিছত ইয়াক গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল।