ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ গতিত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্ত ৰোগী৷ কেন্দ্ৰীয় চৰকাৰে লক-ডাউন শিথিল কৰাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমিত লোকৰ সংখ্যা। দেশত লক-ডাউন অব্যাহত আছে যদিও নীতি সমূহ শিথিল কৰা হৈছে। এই পৰ্যন্ত ভাৰতত ২ লাখ ৪৭ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷
দেশত এই পৰ্যন্ত কোৰোনাত আক্ৰান্ত হৈ ৬৯৪৬গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ১ লাখ ১৯ হাজাৰ লোক সুস্থ হৈ চিকিৎসালয় এৰিছে৷ দেশত ৰোগীৰ সংখ্যা ২ লাখ ৪৭ হাজাৰৰ সীমা অতিক্ৰম কৰাৰ সময়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোনাই৷
অসমত মুঠ ৰোগীৰ সংখ্যা হৈ পৰিছে ২৪৭৩গৰাকী৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত এটা টুইট কৰি ৰাজ্যত নতুনকৈ ক’ৰোনা পজিটিভ পোৱাৰ কথা উল্লেখ কৰি আহিছে৷ ৰাজ্যত সম্প্ৰতি ১৮৭৮ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৮৮গৰাকী৷ ৪গৰাকী ৰোগীৰ মৃত্যু হৈছে৷ আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহত ক্ৰমে বৃদ্ধি হ’ব ধৰিছে ৰোগীৰ সংখ্যা৷ মেঘালয়ত ৩৩গৰাকী, অৰুণাচলত ৪৭গৰাকী, নাগালেণ্ডত ১০৭গৰাকী, মণিপুৰত ১৫৭গৰাকী, ত্ৰিপুৰাত ৭৪৭গৰাকীলৈ বৃদ্ধি হৈছে ৰোগীৰ সংখ্যা৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নিতৌ নতুন নতুন ঘটনা ধৰিছে৷ নতুনকৈ ধৰা পৰা ৰোগী সমূহ বেছি ভাগেই বহিঃৰাজ্যৰ পৰা আহি কোৱাৰাণ্টাইন হৈ আছিল৷