নিউজ ডেস্কঃ আই আই টি গুৱাহাটী, এমট্ৰম আৰু এডুৰেডে উত্তৰ-পূব ভাৰতত ড্ৰ’ন প্ৰযুক্তিক উৎসাহ যোগাবৰ বাবে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে।
আই আই টি গুৱাহাটী, এমট্ৰন আৰু এডুৰেড- আৰচবিটেক ছলিউচনছ প্ৰাইভেট লিমিটেডৰ মালিকানাধীন ব্ৰেণ্ডৰ মাজত এক ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।
আই আই টি গুৱাহাটীৰ অফিচিয়েটিং সঞ্চালক অধ্যাপক পৰমেশ্বৰ কৃষ্ণন আয়াৰৰ উপস্থিতিত এমট্ৰনৰ পৰিচালন সঞ্চালক এছ সুন্দৰ আৰু আৰ চি হবিটেক ছলিউচনছ প্ৰাইভেট লিমিটেডৰ সহ-প্ৰতিষ্ঠাপক বিশ্বজিৎ দেয়ে ড্ৰোন ভিত্তিক প্ৰশিক্ষণ, গৱেষণা আৰু উন্নয়ন শক্তিশালী আৰু সম্প্ৰসাৰণৰ লগতে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, বন্যপ্ৰাণী সংৰক্ষণ আৰু স্বাস্থ্যসেৱাৰ দৰে বিভিন্ন খণ্ডৰ বাবে ড্ৰোন নিৰ্মাণৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ উদ্দেশ্যেৰে এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ মূল উদ্দেশ্য হ’ল উত্তৰ-পূব অঞ্চলৰ এই খণ্ডসমূহ শক্তিশালী কৰা। তিনিওটা সংস্থাই একেলগে কাম কৰি গৱেষণা আৰু উন্নয়নমূলক কাম-কাজত সক্ৰিয়ভাৱে জড়িত হ’ব আৰু আই আই টি গুৱাহাটী ড্ৰ’ন বিভাগৰ সদস্যসকলক অঞ্চলটোৰ বৃহত্তৰ মংগলৰ বাবে এই প্ৰচেষ্টাত সামৰি লোৱা হ’ব।
ইয়াৰ উপৰি আঞ্চলিক দুৰ্যোগ সঁহাৰি কাৰ্যসূচীৰ সময়ত দ্ৰুত নিয়োগ সক্ষম কৰিবলৈ ছাত্ৰ, পেছাদাৰী লোকেৰে গঠিত ৰাজ্যিক দুৰ্যোগ সঁহাৰি দলৰ এটা বিশেষ গোট সৃষ্টি কৰা হ’ব।
এই পদক্ষেপ ড্ৰ’ন হেলপাইনৰ দলৰ সদস্য আৰু আই আই টি গুৱাহাটীৰ ছাত্ৰ স্বেচ্ছাসেৱকক নিৰীক্ষণ কৰা হ’ব।