উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰ পাইলট প্ৰশিক্ষণ একাডেমী আজি ডিব্ৰুগড়ত মুকলি কৰা হয়৷ লীলাবাৰী বিমান বন্দৰত ৰেড বাৰ্ড ফ্লাইং একাডেমীৰ ফ্লাইট ট্ৰেইনিং একাডেমী আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ফ্লাইট ট্ৰেইনিং উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰী ড০ বিমন্ত বিশ্ব শৰ্মাই প্ৰশিক্ষণ কেন্দ্ৰ মুকলি আজিৰ দিনটো ঐতিহাসিক দিন বুলি কয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰই বহিঃৰাজ্যত প্ৰশিক্ষণ লবলৈ যাওতে ব্যাপক ধন খৰছ হৈছিল, কিন্তু এতিয়াৰ পৰা খৰছ হ্ৰাস হ’ব বুলি কয় ড০ শৰ্মাই৷ আনহাতে ৰেড বাৰ্ড ফ্লাইং একাডেমীক মধ্যবিত্ত তথা দৰিদ্ৰ ঘৰৰ সন্তানকো প্ৰশিক্ষণ লোৱাত সুবিধা কৰি দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক অত্যাধিক গুৰুত্ব দিয়া বুলি কয়৷
লীলাবাৰী বিমান বন্দৰ পাইলটক প্ৰশিক্ষণ দিবলৈ পূৰ্বৰে পৰা সাজু হৈছে৷ ৰেডবাৰ্ড ফ্লাইং ট্ৰেইনিং একাডেমীয়ে লীলাবাৰী বিমান বন্দৰলৈ পাইলটৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ ফ্লাইং পূৰ্বেই আনিছে মেচিন৷ নকৈ অনা দুখন বিমান পানীৰ কেনন চেলুটৰ সৈতে সাজু হৈছে। আজি আনুষ্ঠানিকভাৱে লীলাবাৰী বিমান বন্দৰত পাইলটৰ প্ৰশিক্ষণ শুভাৰম্ভ কৰা হ’ব৷ প্ৰশিক্ষণৰ বাবে মহাৰাষ্ট্ৰৰ পূণেৰ পৰা ৰেড বাৰ্ডৰ দুখন ফ্লাইট লখিমপুৰত উপস্থিত হৈছে আৰু আজি অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই পাইলটৰ প্ৰশিক্ষণ মুকলি কৰে৷ উত্তৰ পূবৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে বিশেষ ট্ৰেইনিং একাডেমি ৰেড বাৰ্ড ফ্লাইটে বিশেষ পদক্ষেপ লৈছে৷ একাডেমিত উত্তৰ পূৱৰ ছাত্ৰ-ছাত্ৰীয়ে পাইলত প্ৰশিক্ষণ অৰ্থাৎ বিমান চলোৱাৰ শিক্ষা ল’বলৈ নামভৰ্তি কৰিছে৷ আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজি আন এক ঐতিহাসিক দিন৷ ডিব্ৰুগড়-পাছিঘাট-লীলাবাৰী-গুৱাহাটীৰ মাজৰ বাণিজ্যিক বিমান সেৱা উদ্বোধন কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই৷ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত পাচিঘাটত প্ৰথমবাৰ বিমানৰ বাণিজ্যিক সেৱা আৰম্ভ হয়।