চাংসাৰিঃ উত্তৰ গুৱাহাটী ৰজা দুৱাৰস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আবিলেকত অঘটন। নিশা চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলা কৰ্মচাৰী। আবিলেক চৌহদৰ আবাসগৃহত নিশা এক বজাত ভেণ্টিলেটৰত চিপলৈ আত্মহত্যা কৰে মণিষা কাকতি নামৰ বিবাহিত কৰ্মচাৰীগৰাকীয়ে। মণিষা কাকতি আবিলেকত সহকাৰী গ্ৰন্থাগাৰিক হিচাপে কৰ্মৰত আছিল। মাত্ৰ ৭ মাহ পূৰ্বে নলবাৰীৰ নৱজিৎ বৰ্মন নামৰ যুৱক এজনৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল মণিষা কাকতি। নৱজিৎ বন বিভাগৰ ৱাইল্ড লাইফ কৰ্মচাৰী। নিশা দুৱাৰ বন্ধ অৱস্থাত মহিলাগৰাকীক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে স্বামী আৰু এজন কৰ্মচাৰীয়ে। মৃতপ্ৰায় মণিষাক উত্তৰ গুৱাহাটীৰ GNRC হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ইপিনে, মণিষা কাকতিৰ আত্মহননৰ ঘটনা ৰহস্যৰ মাজত সোমাই পৰিছে। এসপ্তাহ পূৰ্বৰ পৰা মণিষা পোহনীয়া কুকুৰসহ স্বামী গৃহৰ বাহিৰত আছিল। নিশা কৰ্মস্থলীৰ পৰা হঠাৎ কিয় ঘৰমুৱা হৈছিল স্বামী? ঘৰ অভিমুখী হৈ নগাঁৱৰ পৰা ফোনত সংযোগ বিচ্ছিন্ন হৈছিল নৱজিতৰ। আৰু নাটকীয়ভাৱে আবিলেকৰ আবাসগৃহত দৰ্জা বন্ধ অৱস্থাত নৱজিতে মণিষাক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে। সেই মুহূৰ্তত মণিষাৰ প্ৰাণঘূৰি অহিব বুলি জি এন আৰ চিলৈ নিয়া হৈছিল মণিষাক। ইতিমধ্যেই প্ৰাণবায়ু নাইকিয়া হৈছিল মণিষা কাকতিৰ।