March 22, 2023, 6:11 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত অঘটন! হাফলং থানাত এজাহাৰ দাখিল

Reporter Name
  • Update Time : Sunday, August 30, 2020
  • 131 Time View

বোকাজানঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাক কেন্দ্ৰ কৰি শেহতীয়াকৈ বিভিন্ন বিতৰ্ক অব্যাহত থকাৰ সময়তে আজি হাফলং আৰক্ষী থানাত এগৰাকী ঠিকাদাৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগতে এগৰাকী পৰিষদীয় সদস্যৰ বিৰুদ্ধে মাৰ-ধৰ কৰাৰ অভিযোগ তুলি হাফলং থানাত এখন এহাজাৰ দাখিল কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পাঠানজিৎ জাৰামবুছা নামৰ জিলাখনৰ উমৰাংছ’ৰ ঠিকাদাৰগৰাকীয়ে আজি হাফলং থানাত দাখিল কৰা অভিযোগ অনুসৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰতন জাৰামবুছাই যোৱা ২৫ আগষ্টৰ সন্ধিয়া পাঠানজিৎ জাৰামবুছাৰ ভগ্নী মণিতা লাংথাছাৰ ব্যক্তিগত নম্বৰত ফোনযোগে ঠিকাদাৰগৰাকীক অতি শীঘ্ৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাক তেওঁৰ অতিথিশালাত সাক্ষাৎ কৰাৰ বাবে জনায়। সেই অনুসৰি যোৱা ২৬ আগষ্টত ঠিকাদাৰগৰাকীয়ে লগত দেচো ডাউলাগুপু, সুদাম জইচি, নবীন হোজাই আৰু হামজন কেম্প্ৰাইক লৈ মুখ্য কাৰ্যবাহীগৰাকীক সাক্ষাৎ কৰে।

মুখ্য কাৰ্যবাহীগৰাকীয়ে তেতিয়া ঠিকাদাৰগৰাকীক তেওঁ বালি আৰু শিলৰ ভুৱা চালান ক’ৰ পৰা সংগ্ৰহ কৰিছিল বুলি প্ৰশ্ন কৰে যদিও ঠিকাদাৰগৰাকীয়ে এই চালান ভুৱা নহয় বুলি দাবী কৰাৰ লগতে হাফলং চহৰৰ এলাইট হোটেলৰ সমীপৰ এখন হাৰ্ডৱেৰ দোকানৰ পৰা চালান সংগ্ৰহ কৰা বুলি মন্তব্য কৰে। লগে লগে মুখ্য কাৰ্যবাহী গাৰ্লোছাই তেওঁৰ কেইজনমান লোকক মাৰপিট কৰাৰ নিৰ্দেশ দিয়ে। মুখ্য কাৰ্যবাহীৰ নিৰ্দেশ অনুসৰি কেইবাজনো লোকে ঠিকাদাৰগৰাকীক সমীপৰ বাথৰুমলৈ নি বেয়াকৈ মাৰ-ধৰ কৰা বুলি এজাহাৰত উল্লেখ কৰে।

ইয়াৰ পিছত ঠিকাদাৰগৰাকীক পুনৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ সন্মুখলৈ অনাৰ পিছত গাৰ্লোছাই পুনৰ একে প্ৰশ্ন কৰাৰ পিছত ঠিকাদাৰগৰাকীয়ে পুনৰ হাৰ্ডৱেৰ দোকানৰ পৰা চালান সংগ্ৰহ কৰা বুলি উত্তৰ দিয়াৰ পিছতে হাৰ্ডৱেৰ ব্যৱসায়ীগৰাকীকো অতিথিশালালৈ মতাই আনি বেয়াকৈ মাৰ-ধৰ কৰে। কেৱল ইমানেই নহয় মুখ্য কাৰ্যবাহী গাৰ্লোছাই অহা দহ দিনৰ ভিতৰত ঠিকাদাৰগৰাকীৰ পৰা বিশ লাখ টকা দাবী কৰাৰ লগতে ধন আদায় নকৰিলে ব্যৱসায়ীগৰাকীক হত্যা কৰাৰো ভাবুকি প্ৰদান কৰা বুলি এজাহাৰখনত ব্যৱসায়ীগৰাকীয়ে অভিযোগ কৰে।

উক্ত সময়ত পৰিষদৰ সচিব অমিত ডাউলাগুপু, কাৰ্যবাহী সদস্য বিশ্বজিৎ ডাউলাগুপু, ডি এফ অ’ টুইন লাংথাছাও উপস্থিত থকা বুলি ঠিকাদাৰগৰাকীয়ে উল্লেখ কৰে। ঠিকাদাৰগৰাকীৰ ওপৰত চলোৱা এনে শাৰিৰীক নিৰ্যাতনৰ ঘটনাৰ বাবে ভুক্তভোগীগৰাকীয়ে আজি হাফলং থানাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা আৰু পৰিষদীয় সদস্য ৰতন জাৰামবুছাৰ বিৰুদ্ধে এজাহাৰখনত অভিযোগ কৰা হয়। আনহাতে, বিগত সময়ছোৱাত চিকিৎসাজনিত কাৰণত এজাহাৰ দাখিলৰ কৰাত বিলম্ব হোৱা বুলিও ঠিকাৰদাৰগৰাকীয়ে এজাহাৰত উল্লেখ কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে