দিল্লীৰ চাকেত আদালতে আম আদমী পাৰ্টিৰ (আপ) বিধায়ক আমানতুল্লা খানক জামিন প্ৰদান কৰিছে। দিল্লী পৌৰ নিগমে বেদখল উচ্ছেদ অভিযান চলোৱাৰ সময়তে উচ্ছেদৰ বিৰোধ কৰাত আমানতুল্লা খানক গ্ৰেপ্তাৰ কৰা হৈছিল। চৰকাৰী কামত বাধা দিয়া আৰু মানুহক উচটনি দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে আমানতুল্লাক গ্ৰেপ্তাৰ কৰিছিল। আদালতে ন্যায়িক জিম্মাত দিয়াত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
এজাহাৰত আপৰ বিধায়কজনৰ বিৰুদ্ধে সংঘৰ্ষৰ বাবে উচটনি দিয়াৰ অভিযোগ আৰোপ কৰা হয়। বৃহস্পতিবাৰে আমানতুল্লা খানে সমৰ্থকসকলৰ সৈতে মদনপুৰ খাদাৰত উপস্থিত হৈ দিল্লী পৌৰ নিগমৰ বেদখল বিৰোধী কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সময়ছোৱাত স্থানীয় লোকসকলে এমচিডি কৰ্মচাৰীসকলক শিলগুটি নিক্ষেপ কৰিছিল। দিল্লী আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চাৰ্জ ল’ব লগা হৈছিল। আপৰ বিধায়কজনৰ উপৰিও আন ছয়জনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।