জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ সোনাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী উৎসৱটি আজিৰে পৰা স্থানীয় ক’ৰচুং শ্বহীদ স্মৃতি খেলপথাৰত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপিত হৈছে। এই মৰ্মে, স্থানীয় অঞ্চলজুৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ পুৱাৰ ভাগত এক উখল-মাখল পৰিবেশত উদযাপন সমিতিৰ সভাপতি কমল বৰাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে স্মৃতি তৰ্পন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰোহিনী বৰাই। ইয়াৰ পিছতে বৃহত্তৰ অঞ্চলৰ শতাধিক বয়োজ্যেষ্ঠ পুৰুষ-মহিলাক উদ্যোক্তা সকলে সম্বৰ্ধনা জনোৱাৰ লগতে জ্যেষ্ঠ সকলক জলপান আপ্যায়নৰে তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে৷ লগতে সকলোৰে মাজত অন্তৰংগ আলাপ কাৰ্যসূচী ৰূপায়ণৰ অন্তত চিত্ৰাংকন প্ৰতিযোগিতা, বাস্তৱ দাসৰ সোঁৱৰণত পৰম্পৰাগত থলুৱা খেল-ধেমালি আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ বিয়লি অনুষ্ঠিত হোৱা জেং বিহু প্ৰতিযোগিতাই কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ বাকৰি বিহুগীতৰ সুৰে মুখৰিত কৰি তোলে ৷ ইফালে, কাইলৈ অন্তিম দিনা মাৰাথন দৌৰ আৰু পাঞ্জা প্ৰতিযোগিতা, পিঠা-পনা আৰু থলুৱা সাজ-পাৰ পৰিধান প্ৰতিযোগিতাৰ লগতে নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ উক্ত অনুষ্ঠানত গোৱালপৰীয়া লোকসংগীতৰ শিল্পী প্ৰিয়ম সৰকাৰৰ সংগীতানুষ্ঠান, হিমাংশু বৰ্মনৰ কৌতুকানুষ্ঠান, শিৱসাগৰ জাজীপৰীয়া বিহুৱা দল আৰু ৰাইদঙীয়াক ন-বহাগী বিহুৱা দলে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই গীতৰ শৰাই আগবঢ়াব বুলি উদযাপন সমিতিৰ হৈ দ্বীপজ্যোতি শইকীয়াই জানিবলৈ দিছে৷