ডিজিটেল ডেস্কঃ বৰ্তমান সৰ্বত্তে ড্ৰাগছে ভয়াবহভাবে চানি ধৰিছে সমাজখনক৷ ইয়াৰ ফলত বেছিকৈ ধ্বংসৰ দিশে গতি যুৱ প্ৰজন্ম৷ যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ ড্ৰাগছ সেৱনৰ প্ৰৱনতাৰ বাবেই পুত্ৰই মাতৃকো হত্যা কৰাৰ দৰে জঘন্য ঘটনা পোহৰলৈ আহিছে৷ ড্ৰাগছৰ বাবেই নগাঁওৰ জামুগুৰিঘাটত নিজ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ৷
প্ৰাপ্ত তথ্যনুসৰি জুৰিয়া থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ মাইনুল হকৰ পুত্ৰ আমিৰ হামজাই জন্মদাত্ৰী মাতৃ নবীজা খাতুনে ড্ৰাগছ খাব নিদিয়াৰ বাবেই ডিঙি চেপি ধৰে। যাৰ বাবে শ্বাস-প্ৰশ্বাস বন্ধ হৈ অসুস্থ হৈ পৰে মাতৃগৰাকী। পৰিয়ালৰ লোকে এই কথা জানিব পাৰি নবীজাক স্থানীয়
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰে। নগাঁওলৈ নি থকাৰ পথতে মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে৷
নিচা সেৱনৰ এনে প্ৰৱনতাৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ’ল এগৰাকী দুৰ্ভগীয়া মাতৃৰ৷ যাৰ বাবে এতিয়া সচেতন নাগৰিকে এনে ঘটনাক একেমুখে নিন্দা কৰিছে৷