August 7, 2022, 1:37 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

ই-বেংকিঙত আপোনাৰ জমা ধন জালিয়াতি হৈছে নেকি? কেনেকৈ ক্ষতিপূৰণ পাব জানি থওক এই কথা

Reporter Name
  • Update Time : Tuesday, July 5, 2022
  • 36 Time View

ডিজিটেল ডেস্কঃই-বেংকিঙত আপোনাৰ জমা ধন জালিয়াতি হৈছে নেকি? ক’ভিড মহামাৰীৰ পিছত বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰততো ই-বেংকিঙৰ গুৰুত্ব বৃদ্ধি পালে। মানুহে বেংকলৈ যোৱাৰ পৰিৱৰ্তে হাতত থকা মোবাইল বা যিকোনো কম্পিউটাৰৰ যোগেদি ই বেংকিঙেৰে লেনদেন কৰা আৰম্ভ কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল লেনদেনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাত গ্ৰাহকে বেংকৰ পৰিৱৰ্তে ঘৰত থাকিয়েই বেংকৰ কাম-কাজ আৰম্ভ কৰিলে। আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰিলে ছাইবাৰ অপৰাধী সকলে। ইণ্ডিয়ান কম্পিউটাৰ ইমাজেঞ্চি ৰেচপন টীমৰ প্ৰতিবেদন অনুসৰি ছাইবাৰ অপৰাধীয়ে ২০১৮ চনত ২.০৮ লাখ টকা ক্ষতি কৰাৰ বিপৰীতে ২০২১ চনত ১৪.০২ লাখ টকা জালিয়াতি কৰিছিল। ডেবিড কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিঙৰ যোগেদি ২০২০-২১ বৰ্ষত দেশত প্ৰায় ৬৪ কোটি টকা অপৰাধী চক্ৰই লোট কৰিছে। শেহতীয়াকৈ এচবিআইয়ে এক বীমা যোজনাৰ জৰিয়তে গ্ৰাহকৰ ছাইবাৰ অপৰাধীয়ে কৰা ক্ষতিপূৰণ দিবলৈ ব্যৱস্থা কৰিছে। এচবিআই জেনেৰেল ছাইবাৰ ভল্টেজ নামৰ এই প্ৰকল্পটোৰ জৰিয়তে ডিজিটেল মাধ্যমেৰে লেনদেন কৰোতে আপুনি যদি ঠক-প্ৰবঞ্চকৰ হাতত লোকচানৰ সন্মূখীন হয় তেতিয়া হলে ক্ষতিপূৰণ লাভ কৰিব।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে