ডিজিটেল ডেস্কঃ দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। নেছনেল হেৰল্ড গোচৰত অভিযুক্ত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী তলব কৰাক লৈ দেশজুৰি প্ৰতিবাদ সাৱস্ত্য কংগ্ৰেছৰ নেতা কৰ্মীয়ে। সোমবাৰে ইডিৰ সন্মোখত উপস্থিত হৈছে ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ সমৰ্থনত ৰাহুল গান্ধীৰ বাসগৃহৰ পৰা ইডিৰ কাৰ্য্যালয়লৈ গতি কৰিছে কংগ্ৰেছ নেতা-কৰ্মীয়ে। যাৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে।
দিল্লীৰ লগতে অসমতো প্ৰতিবাদ সাবস্ত্য কৰিছে কংগ্ৰেছ নেতা-কৰ্মীয়ে। ২০১৩ চনত বিজেপিৰ নেতা সুব্ৰমনিয়াম স্বামীয়ে এক গোচৰ ৰুজু কৰিছিল। অভিযুগ আছিল অবৈধ ধনৰ লেনদেনৰ লগতে ইকুইটি লেনদেনৰ ২ হাজাৰ কোটিৰো অধিক সম্পদৰ অপব্যৱহাৰৰ।
যাৰ বাবে শেহতীয়াকৈ ইডিয়ে চমন জাৰি কৰিছিল কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধীক।
২৩ জুনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ই ডিৰ ওচৰত উপস্থিত হোৱাৰ নিৰ্দেশ।
ই ডিৰ চমন জাৰিকলৈ কংগ্ৰেছ কৰ্মীয়ে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাবস্ত্য কৰিছে। ইতিমধ্যয়ে আৰক্ষীয়ে বহুতো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে।