ইতিহাস ৰচিবলৈ আগবাঢ়িছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ৷ প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশত চৰকাৰ দ্বিতীয়বাৰৰ বাবে গঠন কৰিবলৈ আগবঢ়া মুখ্যমন্ত্ৰী হৈ পৰিব যোগী আদিত্য নাথ৷ উত্তৰ প্ৰদেশত এই পৰ্যন্ত লাভ কৰা তথ্য মতে, বিজেপি দল ২২৯ খন আসনত আগবাঢ়ি আছে৷ ৪০৩ খন আসনৰ ভিতৰত বিজেপিয়ে কমেও ২৫০ খন আসনতকৈ বেছি আসন লাভ কৰাৰ অনুমান কৰা হৈছে৷ উত্তৰ প্ৰদেশত, প্ৰাৰম্ভিক অৱস্থাত বিজেপি আৰু এছপিৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা দেখা গৈছিল যদিও শেহতীয়াকৈ বিজেপিয়ে দ্ৰুত গতিত আগবাঢ়ি থকা দেখা গৈছে৷