March 29, 2023, 2:23 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ইতিহাস বিজড়িত ঐতাহাসিক গড়ত চলিল বুলডজাৰ, ঐক্য সেনা অসমে দিলে জেওৰা

Reporter Name
  • Update Time : Monday, June 22, 2020
  • 118 Time View

নুমলীগড়ঃ পূৰ্বপুৰুষৰ ইতিহাস বিজড়িত ঐতাহাসিক গড়ত বুলডজাৰ চলোৱাত জাঙুৰ খাই উঠিছে উজনিৰ দল-সংগঠন৷ অইলে অবৈধ ভাৱে এটা ৰজাদিনীয়া গড় খান্দি পাইপ বহুওৱাত চৰকাৰ তথা অইলৰ বিৰুদ্ধে উজনিৰ গোলাঘাট জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেইবাটাও সংগঠনৰ নেতৃত্বই উক্ত গড় পৰিদৰ্শ কৰি অইলৰ এনে সিদ্ধান্তক গৰিহণা দি খনন বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও অইলে এনে দাবীক ভ্ৰুক্ষেপ কৰা নাই৷ ফলত দল-সংগঠনে খননক লৈ নুমলীগড়ত প্ৰতিবাদ অব্যাহত ৰাখিছে।

ঐতিহাসিক নুমলীগড়ত নুমলী কুৱঁৰী গড় জেচিবিৰে খান্দি পাইপ বহুওৱাত এইবাৰ প্ৰতিবাদত নামিছে ঐক্য সেনা অসম নামৰ সংগঠনটোৱে৷ সংগঠনটোৱে সোমবাৰে গড়ত উপস্থিত হৈ ক্ষোভ ব্যক্ত কৰে৷ প্ৰতিবাদ কৰাৰ লগতে জেওৰা দিবলৈ সংগঠনটোৱে বাঁহৰ খুঁটি কাটি নিয়ে৷ গড় কাটি উলিওৱা অস্থায়ী ৰাস্তাত বাঁহৰ খুঁটিৰে জেওৰা দিয়ে সংগঠনটোৱে৷ পথেৰে অইলৰ বিষয়া-কৰ্মচাৰী আৰু গাড়ী চলাচল কৰে৷ অস্থায়ী পথত বেৰা দি অইলৰ এনে অসম বিদ্বেষী কাৰ্য বন্ধ কৰিবলৈ আৰু গড় খন্দা কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়৷ ঐতিহাসিক নুমলীগড়ত ঐক্যসেনা অসমে জেওৰা দি দাবী মানি নললৈ ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি সকিয়াই দিয়ে অইলক।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে