অসম অভিমুখী এখন ৰেল দুৰ্ঘটনাত পতিত হৈ দুগৰাকী অসমৰ যাত্ৰীসহ পাঁচ গৰাকী যাত্ৰী নিহত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যাত্ৰীবাহী ৰে’লে ৫ গৰাকী যাত্ৰীক মহতিয়াই নিয়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলমত৷ দুৰ্ঘটনাত নিহত ৫ গৰাকী লোকৰ ভিতৰত দুগৰাকী লোক অসমৰ বুলি খবৰ প্ৰকাশ হৈছে। সোমবাৰে নিশা গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ ৫ যাত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলমত কোণাৰ্ক এক্সপ্ৰেছ ৰে’লৰ তলত পৰাৰ ফলত নিহত হোৱাৰ লগতে আহত কেইবাগৰাকী লোকক হস্পিতালত ভৰ্তি কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, গুৱাহাটী এক্সপ্ৰেছ ৰে’লখন যাত্ৰাৰ সময়তে ইঞ্জিনৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছিল৷ যাত্ৰীসকলে চেইন টানি ৰে’লখন ৰখাই অন্য এটা ট্ৰেকত থিয় হয় যদিও সেই ট্ৰেকেৰে অহা ৰে’লে মহতিয়াই নিয়াত ৫গৰাকী লোকৰ মৃত্যু হয়৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে৷ চৰকাৰে মৃত লোককেইজনৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ এককালীন অনুদান ঘোষণা কৰিছে।