গুৱাহাটীঃ দুৰ্গা পুজা বন্ধ কৰাৰ ফটোৱা জাৰি কৰি এইবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে সংযুক্ত মুক্তি বাহনী স্বাধীন চমুকৈ আলফা৷ বিদ্ৰোহী আলফাই ক’ৰোনা মহামাৰীৰ বাবে দূৰ্গা পুজা বাতিল কৰাৰ দাবী জনাই শুকুৰবাৰে পুৱাই এক বিবৃতি জাৰি কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত আলফাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে একাংশ নেটিজেন৷ একাংশ নেটিজেনে ছ’চিয়েল মিডিয়া যোগে বিদ্ৰোহী আলফাক উভতি ধৰি অসমৰ আন আন সমস্যাত আলফাই কিয় মুখ বন্ধ কৰি ৰাখে বুলি মত ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷ একাংশ খিলঞ্জীয়াৰ বিৰুদ্ধে সংঘটিত হৈ অহা ঘটনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া নিদিয়া আলফাই দুৰ্গা পূজা পাতিবলৈ চৰকাৰে অনুমতি দিয়াৰ চিন্তা কৰাৰ পিছতে প্ৰতিক্ৰিয়া দিয়া বুলি চিন্তা জাহিৰ কৰি আলফাক উভতি ধৰা পৰিলক্ষিত হৈছে৷ আনহে নালাগে বিভিন্ন ৰোগৰ বিধান দিয়া আচাৰ্য পংকজ পাঠকেও উভতি ধৰিছে৷ পংকজ পাঠকে ফেচবুক একাউণ্টত পোষ্ট কৰি আলফাক উভতি ধৰি কয় যে…
‘‘ঋতুপৰ্ণ পেগুৰ হত্যা হল, আলফা চুপ;
সনাতন ডেকাৰ হত্যা হল, আলফা চুপ;
বৰপেটাৰ গণককুছি সত্ৰৰ গুৰু আসন জ্বলাই দিয়া হল, তাতো আলফা চুপ;
দৈনিক শ শ অসমীয়া যুৱতী-বোৱাৰীক বাংলাদেশীয়ে ভুৱা হিন্দুৰ পৰিচয়েৰে Love জেহাদত পেলাই আছে, তাতো আলফা চুপ।
এতিয়া আলফাৰ সমস্যা হৈছে দুৰ্গা পূজা পতাক লৈ।
আলফা এতিয়া বাংলাদেশীৰ ৰক্ষণকর্তা নেকি????
এনেদৰে পংকজ পাঠকে আলফাক উভতি ধৰে৷ তদ্ৰুপ আন একাংশ লোকে ছ’চিয়েল মিডিয়াত আলফাক উভতি ধৰিছে৷ উল্লেখ্য যে, শুকুৰবাৰে পুৱাই এক বিবৃতি জাৰি কৰি আলফা স্বাধীনে ক’ৰোনা মহামাৰীৰ বাবে দুৰ্গা পূজা অনুষ্ঠিত কৰিব খোজা কাৰ্যৰ বিৰোধ কৰিছিল৷
আলফাৰ লেফটেণ্টেট অৰুণোদয় অসমে এক বিবৃতি যোগে ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ অবিবেচক নীতি তথা অসমৰ পুতলা চৰকাৰখনৰ অবৈজ্ঞানিক পদক্ষেপৰ বাবে কোভিড-১৯ অতিমাৰীয়ে অসমত অসমৰ ৰাইজৰ মাজত সংক্ৰমণৰ ৰূপ লোৱাৰ সময়তে অসমৰ তথাকথিত চৰকাৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিবলৈ লোৱা আঁচনিক তীব্ৰ বিৰোধ কৰে। সাম্প্ৰতিক বুৰঞ্জীত প্ৰথমবাৰৰ বাবে এই বৰ্ষৰ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু উদযাপন বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰখনে কি যুক্তিৰ আধাৰত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে বুলি সংযুক্ত মুক্তি বাহিনী স্বাধীনে প্ৰশ্ন কৰে৷
অসমৰ থলগিৰি সমাজ জাতি বা ধৰ্মভিত্তিক নহয় বুলি উল্লেখ কৰি তেনেস্থলত মোদীক সন্তুষ্ট কৰাৰ স্বাৰ্থত অতি হিন্দু হ’বলৈ যোৱা অসম চৰকাৰখনৰ এনে জনস্বাস্থ্য বিৰোধী পদক্ষেপক ধিক্কাৰ দি দুৰ্গা পূজা আয়োজন বন্ধ কৰিবলৈ আহ্বান জনাই তথাকথিত অসম চৰকাৰৰ ধৰ্মীয় উন্মাদময় পদক্ষেপে অসমত ক’ৰোনাৰ সামাজিক সংক্ৰমণ বৃদ্ধি কৰি জাতিটোক গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিব আশংকা ব্যক্ত কৰে আলফা স্বাধীনে।