ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদ কাণ্ড৷ ইছলামধৰ্মী যুৱকে নিজকে হিন্দু বুলি চিনাকী দিলে প্ৰেমৰ জালত পেলালে হিন্দু যুৱতীক৷ আলিবুল ইছলামে ৰাহুল দাস বুলি পৰিচয় দি ১৫ বছৰীয়া কিশোৰীক পলুৱাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নামনি অসমৰ চিৰাং জিলাৰ বিজনীত লাভ জেহাদৰ দৰে এটা ঘটনা সংঘটিত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইছলামধৰ্মী যুৱক নিজকে হিন্দু বুলি পৰিচয় দি ১৫ বছৰীয়া হিন্দু কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি পলুৱাই নিয়ে৷ পুনৰ লাভ জেহাদ ঘটনা সংঘটিত হোৱাত বিজনীৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিৰাং জিলাৰ আমগুৰী থানাৰ নাঙলভাঙাৰ বাসিন্দা আলিবুল ইছলামে ইছলাম ধৰ্মৰ পৰিচয় গোপনে ৰাখি নিজকে হিন্দু বুলি পৰিচায় দিয়ে৷ নিজকে ৰাহুল দাস বুলি পৰিচয় দি বিজনীৰ আমগুৰিৰ ১৫ বছৰীয়া কিশোৰীক প্ৰেমৰ জালত পেলাই পলুৱাই নি ৬টা দিনেি অজ্ঞাত স্থানত লুকুৱাই ৰাখিছিল৷
প্ৰায় ৬ দিন পূৰ্বে কিশোৰীগৰাকীক আলিবুল ইছলামে পলুৱাই নিয়ে কিশোৰীক। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিজনী আৰক্ষী থানাত অপহৰণৰ অভিযোগ আনি এজাহাৰ দাখিল কৰে। বিজনী থানাৰ আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰে বিজনীৰ সমীপৱৰ্তী নাঙলভাঙাৰ পৰা অপহৃত কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী আলিবুলক গ্ৰেপ্তাৰ কৰে৷ বিজনীৰ ইছলামধৰ্মী যুৱকে নিজ ধৰ্ম-নাম গোপন কৰি হিন্দু কিশোৰীৰ সৈতে প্ৰেমৰ নাটক আৰু পলুৱাই নিয়াৰ ঘটনাক পূৰ্ব পৰিকল্পিত লাভ জেহাদ বুলি আখ্যা দিয়ে বজৰংগ দলে। আলিবুল ইছলামক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে আৰক্ষীৰ তৎপৰতাক শলাগ লয় বজৰংগ দলে।