গুজৰাটৰ হাৰামী নালা অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি পাকিস্তানৰ এটা মাছমৰীয়াৰ দল প্ৰবেশ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইচ্ছাকৃত ভাৱে প্ৰবেশ কৰিছিল মাছমৰীয়াৰ দলটোৱে৷ ৩ এপ্ৰিলত হাৰামী নালা অঞ্চলত বিএছএফৰ টহলদাৰী দলে দুখন পাকিস্তানী মাছ ধৰা নাও আৰু ৪-৫ জন পাকিস্তানী মাছমৰীয়াৰ চলাচল লক্ষ্য কৰিছিল। বিএছএফৰ টহলদাৰী দলটোৱে জলাভূমি পাৰ হৈ তৎক্ষণাৎ উক্ত স্থানত উপস্থিত হয়৷ পাকিস্তানী মাছমৰীয়াসকলে বিএছএফৰ দলক প্ৰত্যক্ষ কৰি পাকিস্তানী ভূখণ্ডলৈ পলায়ন কৰে। বিএছএফৰ টহলদাৰী বাহিনীয়ে সমুদ্ৰপথত খেদি গৈছিল যদিও ভাৰতীয় ভূখণ্ডত প্ৰায় ১০০ মিটাৰ ভিতৰত এখন পাকিস্তানী মাছ ধৰা নাও জব্দ কৰে। নাওখনত কিছু মাছ, মাছ ধৰা জাল আৰু মাছ ধৰা সঁজুলিৰ বাহিৰে নাওখনৰ পৰা সন্দেহজনক একো উদ্ধাৰ হোৱা নাই। অঞ্চলটোৰ তীব্ৰ অনুসন্ধান আৰম্ভ হৈছে।