বিটিচিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পৰিষদীয়া সমষ্টি ২২নং ককলাবাৰী সমষ্টিত আজি শাসকীয় দল ইউপিপিএল, প্ৰধান বিৰোধী দল বিপিএফ আৰু নিৰ্দলীয়া প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে৷ আজি মনোননয়ন দাখিলৰ শেষ দিনটোত ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়ো, নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ শৰণীয়া, বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী শংকৰ বসুমতাৰীয়ে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোননয়ন দাখিল কৰে৷ ককলাবাৰী পৰিষদীয় সমষ্টি উপ-নিৰ্বাচনৰ বাবে আজি নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ শৰণীয়া, বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী শংকৰ বসুমতাৰী আৰু ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়োৱে ৰিটাৰ্ণিং বিষয়া আশ্ৰাফুল আমিনৰ হাতত মনোনয়ন পত্র দাখিল কৰে।
বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সাংসদ ৰৗণগৌৰা নাৰ্জাৰী, মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মৰ উপস্থিতিত বিটিচিৰ কোকলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়োৰ মনোনয়ন দাখিল৷ আনহাতে বিপিএফৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ উপস্থিতিত মনোনয়ন দাখিল কৰে শংকৰ বসুমতাৰীয়ে৷ সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ কিয়নো শৰণীয়া কছাৰী জনগোষ্ঠীৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি চৰ্চা চলিছে৷ ভি.পি.আই দলৰ প্ৰাৰ্থী লৱ কুমাৰ বসুমতাৰীয়েও মনোনয়ন দাখিল কৰে।
২২নং ককলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন আছিল। মনোনয়ন পৰীক্ষাৰ বাবে ধাৰ্য কৰা হৈছে ২৪ মে’ৰ তাৰিখ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনো ২৪ মে’। ৮ জুনত ভোটগ্ৰহণ, ১২ জুনত ভোট গণনা কৰা হ’ব। সমষ্টিটোৰ মুঠ ভোটাৰ ৭২,৪১৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৩৫,৭৫৬ জন। মহিলা ভোটাৰৰ সংখ্যা ৩৬,৬৬০ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ ১ গৰাকী। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ সৰ্বাধিক ৭ লাখ টকা ধাৰ্য। ককলাবাৰী পৰিষদীয় নিৰ্বাচনৰ বাবে ৯৭টা ভোটকেন্দ্ৰ স্থাপন।