ডিজিটেল ডেস্কঃ আপুনি ইউটিউবাৰক বৰ বেছি বিশ্বাস কৰে নেকি? সাৱধান একাংশ ইউটিউবাৰৰ নাম এতিয়া হত্যাকাৰীৰ তালিকাত। আমেৰিকাৰ চিকাগোত এজন ইউটিউবাৰে প্ৰাণ ললে ৬ জন লোকৰ। খবৰ অনুসৰি ৰবাৰ্ট ই ক্ৰিমো তৃতীয় নামৰ ইউটিউবাৰজনে চিকাগোৰ বিভিন্ন ঠাইত প্ৰায় আঠ ঘণ্টা ধৰি গুলীচালনা কৰিছিল। চিকাগোৰ ইলিনয়ৰ চাউথ ৱেণ্টৱাৰ্থ এভিনিউত এগৰাকী ২৪ বছৰীয়া মহিলাৰ মৃত্যু হৈছে। গ্ৰেণ্ড ক্ৰছিঙৰ ওচৰত তিনিজন লোকৰো মৃত্যু হৈছিল।
ৰবাৰ্টৰ বন্দী হোৱা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত, ৰবাৰ্টৰ গাড়ীখন কেইবাখনো আৰক্ষীৰ গাড়ীৰে আগুৰি আছিল। আৰক্ষীয়ে তেওঁক আত্মসমৰ্পণ কৰিবলৈ কৈছিল। এজন আৰক্ষী বিষয়াক কোৱা শুনা যায় ভিডিঅ’টোত, “আপুনি আত্মসমৰ্পণ কৰক। আনহাতে, ক্ৰিমোক ষ্টিয়েৰিং হাতেৰে এখন হোণ্ডা গাড়ীত বহি থকা দেখা গৈছে। তাৰ পিছত, তেওঁ পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীয়ে তেওঁক খেদি খেদি গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ তথ্য অনুসৰি, ২২ বছৰীয়া ৰবাৰ্ট এজন ইউটিউবাৰ। তেওঁৰ বিভিন্ন নামেৰে কেইবাটাও ইউটিউব চেনেল আছে।