ডিজিটেল ডেস্ক : এতিয়াও শেষ হোৱা নাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ ভয়াৱহ যুদ্ধ৷ এই যুদ্ধ শেষ কৰিবলৈ এতিয়াও মান্তি হোৱা নাই ৰাছিয়া৷ শেহতীয়াকৈ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে ইউক্ৰেইনৰ তিনিখনকৈ যুঁজাৰু বিমান ধবংস কৰিছে ৰাছিয়াই৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে ৰাছিয়াৰ সামৰিক বাহিনীয়ে মিকোলিভ অঞ্চলত দুখন মিগ-২৯ আৰু খাৰকিয়েভত এছইউ-২৫ যুঁজাৰু বিমান ধ্বংস কৰিছে। আনহাতে ৰাছিয়াৰ এই দাবী কোনো প্ৰতিক্ৰিয়া দিয়া নাই ইউক্ৰেইনে৷