যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আন এগৰাকী সাংবাদিকৰ মৃত্যু হয়৷ ১৯ দিনে নিৰুদ্দেশ হৈ থকা সাংবাদিক ফটোগ্ৰাফাৰ, সাংবাদিক, তথ্যচিত্ৰ নিৰ্মাতা মাক্স লেভিনৰ মৃতদেহ আজি উদ্ধাৰ হৈছে৷ ইউক্ৰেইনৰ ফটোগ্ৰাফাৰ, সাংবাদিক, তথ্যচিত্ৰ নিৰ্মাতা মাক্স লেভিনৰ মৃতদেহ উদ্ধাৰৰ পিছতে যুদ্ধথলীত সাংবাদিকৰ জীৱনৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে৷ মাক্স লেভিন দুসপ্তাহতকৈও অধিক সময় ধৰি নিৰুদ্দেশ হৈ আছিল৷ আজি ৰাজধানী কিয়েভত মৃতদেহ উদ্ধাৰ হৈছে৷ লেভিন ১৩ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈছিল৷ কিয়েভ ওব্লাষ্টৰ বৈশগোৰোড জিলালৈ যাত্ৰাৰ সময়তে শত্ৰুপক্ষ ৰাছিয়াৰ বাহিনীৰ সন্মুখত পৰাৰ আশংকা কৰা হৈছে। লেভিনে ৰয়টাৰ, বিবিচি আৰু এপিৰ সৈতে কাম কৰিছিল। বিশ্বৰ আগশাৰীৰ ফটোগ্ৰাফাৰ, সাংবাদিক, তথ্যচিত্ৰ নিৰ্মাতা হিচাপে জনাজাত আছিল লেভিন৷ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক মৃতদেহ গটাই দিয়া হ’ব৷ ঘটনাৰ ইউক্ৰেইনৰ চৰকাৰে তদন্ত কৰিব নে নাই সেই কথা ঘোষণা কৰা হোৱা নাই৷ লেভিন ইহসংসাৰত ৪ টা সন্তান আৰু পত্নীক এৰি যায়। ফটো সাংবাদিক মাক্স লেভিন ৰাছিয়াৰ আগ্ৰাসী আক্ৰমণ কভাৰ কৰোতে নিহত হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে। ২০১৪ চনৰ পৰা যুদ্ধৰ বা-বাতৰি সংগ্ৰহ কৰি অধিক জনপ্ৰিয় হৈ পৰিছিল। এজন প্ৰতিভাশালী ফটোগ্ৰাফাৰ ভি. হুৰনিয়াকৰ বন্ধু আছিল৷