ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইউক্ৰেইনৰ সীমান্তৱৰ্তী দেশ শ্লোভাকিয়া৷ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ চলি থকাৰ সময়তে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে শ্লোভাকিয়াৰ বৈদেশিক মন্ত্ৰী ইভান কৰ্ককৰ সৈতে বাৰ্তালাপ কৰে৷ ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাত সহায় কৰাৰ ইচ্ছা প্ৰকাশ শ্লোভাকিয়াৰ বৈদেশিক মন্ত্ৰীয়ে৷ দুয়ো বৈদেশিক মন্ত্ৰীয়ে ইউক্ৰেইনৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি স্লোভাকিয়াৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাত সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰাত প্ৰশংসা কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে৷