ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ আজি ১১ দিন। ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ বহু চহৰ ইতিমধ্যে ধ্বংস হৈ গৈছে। একে সময়তে ইউক্ৰেইন এৰি যোৱা লোকৰ সংখ্যাও নিৰন্তৰ বৃদ্ধি হৈ গৈ আছে। ইফালে, ইউক্ৰেনে এই যুদ্ধত ৰাছিয়াৰ ক্ষয়ক্ষতিৰ পৰিসংখ্যা প্ৰকাশ কৰিছে।
ইউক্ৰেইনৰ মতে, ৬ মাৰ্চলৈকে যুদ্ধত ১১,০০০ ৰাছিয়ান সৈন্য নিহত হৈছে। ৰাছিয়াই এই যুদ্ধত ৪৪ খন বিমান আৰু ৪৮ খন হেলিকপ্টাৰ হেৰুৱাইছে। ৰাছিয়াৰ ২৮৫ খন টেংক এতিয়ালৈকে ধ্বংস কৰা হৈছে। ৰাছিয়াই ১০৯ টা আৰ্টিলাৰী গান, ৯৮৫ খন সশস্ত্ৰ যুঁজাৰু বাহন, ৫০ খন এমএলআৰএছ, ২ খন নাও, ৪৪৭ খন গাড়ী, ৬০ টা ইন্ধন টেংক, ৪ টা ইউএভি আৰু ২১ খন এণ্টি-এয়াৰক্ৰাফ্ট যুদ্ধত হেৰুৱাইছে।
ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা খাৰকিভ, মাৰিয়ুপোল, চুমি, উডেছাত প্ৰচণ্ড বোমা বিস্ফোৰণ ঘটাইছে। ইফালে, ১১ দিনত ইউক্ৰেইনত থকা ২,২০৩ তকৈও অধিক সামৰিক ঘাটি ধ্বংস কৰা বুলি দাবী কৰিছে ৰাছিয়াই। ৰাছিয়াই ইউক্ৰেইনৰ বৃহৎ সংখ্যক সামৰিক অস্ত্ৰকো লক্ষ্য কৰি লৈছে। ৰাছিয়াই ইউক্ৰেইনৰ মিছাইল প্ৰতিৰক্ষা প্ৰণালী এছ-৩০০ ধ্বংস কৰা বুলিও দাবী কৰিছে।