ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাঃ ইউক্ৰেইনত আৱদ্ধ ছাত্র-ছাত্ৰীক উদ্ধাৰৰ দাবী আজি ৰঙিয়াত NSUI-এ প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়াও আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উচিত ব্যৱস্থা লৈ ইউক্ৰেইৰ পৰা স্বগৃহলৈ অনাৰ দাবী জনাই ৰঙিয়াৰ ৰাজীৱ ভৱনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে সময়মতে উচিত ব্যৱস্থা নোলোৱাৰ বাবে ইউক্ৰেইনত ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকল অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে।